পানেৰী সমবায় সমিতিক লৈ প্ৰচাৰিত ভূল বাতৰিৰ স্পষ্টীকৰণ
যোৱা ৩০ মে’ত পানেৰী সমবায় সমিতিৰ নৱনিৰ্বাচিত পৰিচালনা সমিতিৰ বিষয়ববীয়াক সম্বৰ্ধনা জনোৱাৰ বাবে এটা ৰাজনৈতিক দলে দলীয় টুপী আৰু মালা পিন্ধোৱা বুলি উল্লেখিত এখন বাতৰি কাকতৰ বাতৰি ভূলভাৱে দিয়া হোৱা বুলি মন্তব্য আগবঢ়াই পানেৰী সমবায় সমিতিৰ নৱনিৰ্বাচিত সভাপতি গোলাপচন দৈমাৰীয়ে | লগতে পুৰনি সমিতি নহয় নতুনকৈ নিৰ্বাচিত হোৱা সমিতিয়ে সমবায়খন পৰিচালনা কৰা বুলি কয় | ইয়াৰোপৰি উপ-সভাপতি কৃষ্ণ বাহাদুৰ গীৰীয়ে বলিৰ পঠা সজাই ৰ্নৱনিৰ্বাচিত সমিতিৰ ৩ বিষয়াক দলীয় সম্বৰ্ধনা অনুষ্ঠানত লৈ যোৱা বাতৰিটো ভিত্তিহীন বুলি মন্তব্য আগবঢ়াই পানেৰী সমবায় সমিতিৰ নৱনিৰ্বাচিত উপ-সভাপতি গৰাকীয়ে | লগতে কয় যে, আমাৰ মাজত কিছু ভূল বুজা বুজি হোৱাৰ বাবে পানেৰী সমবায় সমিতি লিমিটেডৰ পৰিচালনা সমিতিক লৈ যি ভূৱা প্ৰচাৰ চলোৱা হৈছিল পাছলৈ সেয়া সমাধান কৰি পুনৰ ন-উদ্যমেৰে আমি কাম কৰি যোৱাৰ কথা উল্লেখ কৰোঁ |