নাজিৰাৰ গেলেকী ৰঙাগড়াত নৃশংস হত্যাকাণ্ড।

নাজিৰাৰ গেলেকী ৰঙাগড়াত নৃশংস হত্যাকাণ্ড।

নাজিৰাৰ গেলেকী ৰঙাগড়াত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে।

পুৱতি নিশা ৰঙাগড়াৰ আনন্দ মুণ্ডা নামৰ এজন লোকে বাঁহৰ লাঠীৰে মৰিয়াই হত্যা কৰে নিজ পত্নীক।

যাৰ ফলত ৰেণু মুণ্ডা নামৰ মহিলা গৰাকীৰ মৃত্যু হয়।

এই হত্যা কাণ্ড ই এতিয়া অঞ্চলজুৰি তীব্ৰ উত্তেজনা বিৰাজ কৰিছে।

ঘটনা স্থলীত গেলেকী আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰু কালপ্ৰীত আনন্দ মুণ্ডাক গেলেকী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট

Shahnawaz Hamza

Related