ডিব্ৰুগড় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এমবিবিএছ পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণত অনুমোদন জনাইছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)-এ
এই সন্দৰ্ভত এনএমচিয়ে ই-মেইল যোগে পৃথকে প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰ আজি লাভ কৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই।
বুধবাৰে সন্ধিয়া সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ স্বীকৃতি নবীকৰণৰ বাবে চিকিৎসা মহাবিদ্যালয় দুখনে জনোৱা আবেদন সন্দৰ্ভত যোৱা ৭ জুনত নতুন দিল্লীত এনএমচিৰ অধ্যক্ষ ড০ সুৰেশ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত গঠিত প্ৰথম ‘এপিলেট কমিটী’ৰ পৃথক শুনানীকালত দুয়োখন চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই দাখিল কৰা তথ্য-পাতি তথা উত্তৰত সন্তুষ্ট হৈ সৰ্বসন্মতি ক্ৰমে কমিটীখনে স্বীকৃতি নবীকৰণত অনুমোদনৰ সিদ্ধান্ত লয়।