দ্বিতীয় এছিয়া যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ ২০২৩ ত ডিব্ৰুগড়ৰ জগদীশ ভড়ালী লাভ কৰিলে সোণৰ পদক

দ্বিতীয় এছিয়া যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ ২০২৩ ত ডিব্ৰুগড়ৰ জগদীশ ভড়ালী লাভ কৰিলে সোণৰ পদক

পৰম্পৰাগত গোটত জগদীশ ভৰালীয়ে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ।ভিয়েটনাম, থাইলেণ্ড, হংকং, ইৰাণ আৰু চীনৰ কেইবাজনো প্ৰতিযোগীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱা দ্বিতীয় এছিয়া যোগাসন চেম্পিয়নশ্বিপৰ ৫০ বছৰৰ গ্ৰুপত ভাৰতৰ হৈ পদক লাভ কৰে ডিব্ৰুগড়ৰ খেলুৱৈজনে । থাইলেণ্ডৰ বেংককৰ ‘হোটেল আলেকজেণ্ডাৰ’ত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাখনি।

দ্বিতীয় এছিয়া যোগাসন প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা জগদীশ ভড়ালী ডিব্ৰুগড়ৰ এজন জ্যেষ্ঠ ফটো সাংবাদিক আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ এগৰাকী জ্যেষ্ঠ বিষয়ববীয়া হিচাবে জড়িত হৈ আছে।

GTM Desk

Related