চৰকাৰী বিদ্যালয়সমূহ মৃত্যু মুখৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰক আহ্বান সন্মিলিত শিক্ষক মঞ্চৰ

1 min read

নিউজ ব্যুৰ’.নগাঁও,১৮মে’:–মাতৃভাষা মাধ্যমৰ চৰকাৰী শিক্ষানুষ্ঠানৰ সৰ্বাংগীন উন্নয়নৰ প্রতি দায়বদ্ধ বুলি চৰকাৰে সময়ে সময়ে কৈ অহা কথা যে প্ৰহসনৰ নামান্তৰ মাত্ৰ,সেয়া পুনৰ প্ৰতিপন্ন হৈছে । মাতৃভাষা মাধ্যমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত এতিয়া “কি কি আছে” বুলি কোৱাতকৈ “কি কি নাই” বুলি প্ৰশ্ন কৰাহে সম্ভৱতঃ সমীচিন হ’ব। বহু সমস্যাৰ মেটমৰা বোজাৰে ভাৰাক্ৰান্ত অসমীয়া তথা মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিবৰ বাবে চৰকাৰৰ প্রতি আহ্বান জনাইছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই । দহটা সংগঠনৰ উমৈহতীয়া সংস্থা “সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ”ই অসম চৰকাৰৰ বিদ্যালয়ৰ শিক্ষা বিভাগলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে । পত্ৰত উল্লেখ কৰা মতে,ৰাজ্যৰ মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান সমূহত মাতৃভাষাৰ পাঠ্যপুথিৰ অভাৱ হৈছে । কেৱল সেয়াই নহয়,সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে ইউনিফ’ৰ্মৰো ব্যৱস্থা কৰা নাই চৰকাৰে । আনহাতে,তিনি বছৰ ধৰি বিদ্যালয়সমূহে পাবলগীয়া ধনো চৰকাৰে আদায় দিয়া নাই । ফলত বিদ্যালয়সমূহত হাহাকাৰ লাগিছে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী,সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থা, সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থা,নিখিল বড়ো প্রাথমিক শিক্ষক সন্থা,সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থা,সদৌ অসম জুনিয়ৰ কলেজ শিক্ষক-কর্মচাৰী সন্থা, সদৌ অসম টেট উত্তীর্ণ শিক্ষক সমাজ,সদৌ অসম ষ্টেট পুল শিক্ষক সন্থা,সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থা আৰু সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ উমৈহতীয়া সংগঠন সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ কাৰ্যনিৰ্বাহক সভাই মাতৃভাষা মাধ্যমৰ চৰকাৰী শিক্ষানুষ্ঠানৰ দুৰৱস্থাত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু এইক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা ক্ষিপ্ৰতাৰে ফলপ্রসু কাৰ্যব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে। সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক ছৈয়দ আনিছুৰ ৰহমানে স্বাক্ষৰ কৰা স্মাৰক পত্ৰত এইদৰে উল্লেখ কৰা হৈছে –১)চলিত শিক্ষাবৰ্ষত ষষ্ঠ শ্রেণীৰ বাবে যোগান ধৰা গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত হোৱা বাবে ছাত্র-ছাত্ৰীয়ে বুজি আয়ত্ত কৰিবলৈ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে । গ্রাম্য এলেকাৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীৰ ঘৰুৱা পৰিৱেশ এনেধৰণৰ যে ইংৰাজী ভাষাত অভিভাৱকে সন্তানক পাঠ গ্ৰহণত সহায়ক হোৱাটো দূৰৰ কথা,মাতৃভাষাত সহায়ক হোৱাতো অক্ষম।এনে পৰিস্থিতিত ইংৰাজীত শিক্ষা গ্রহণৰ বাবে ঘৰুৱা শিক্ষকৰ প্রয়োজন হৈ পৰাত অভিভাৱকসকল বিমোৰত পৰিছে । সেয়ে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই ৰাজহুৱা স্বার্থ তথা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ লক্ষ্য ৰাখি মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ ইংৰাজী ভাষাত লিখা গণিত- বিজ্ঞানৰ পুথিসমূহ উভতাই নি মাতৃভাষাত লিখা পুথিসমূহ তাৎক্ষণিকভাৱে দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনালোঁ । ২) অসম চৰকাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক দশম শ্রেণীপর্যন্ত “ঐক্য সাঁজ” যোগান ধৰি হিতসাধন কৰিছে যদিও একে মাধ্যমিক শিক্ষা বিভাগৰ অন্তৰ্গত একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক “ঐক্য সাঁজ” আজিকোপতি প্ৰদান কৰা নাই । সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই অসম চৰকাৰক অনুৰোধ জনায় যে চলিত শিক্ষাবৰ্ষৰ পৰা একাদশ আৰু দ্বাদশ শ্রেণীত অধ্যয়নৰত ছাত্ৰ- ছাত্রীসকলকো বিনামূলীয়া “ঐক্য সাঁজ” যোগান ধৰা হওক । ৩) উচ্চতৰ শাখাত দৰিদ্ৰ সীমাৰেখা তলৰ ছাত্ৰ -ছাত্ৰীক নামভৰ্ত্তি আৰু আভ্যন্তৰীণ পৰীক্ষাৰ বাবে ধাৰ্য কৰা ৰেহাই মাচুল বিদ্যালয়সমূহক বিগত ২০২০-২১ বৰ্ষৰ পৰা আদায় নিদিয়াৰ ফলত বিদ্যালয়সমূহে আলোচনী ছপা কৰা,নামভৰ্তিকৰণৰ প্ৰ-পত্ৰ, প্ৰচপেক্টাছৰ ছপা খৰচ বহনৰ লগতে বিজ্ঞানাগাৰত দৈনন্দিন প্রয়োজনীয় সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে । সেয়ে এই অনাদায় ধনৰাশি অতিশীঘ্ৰে বিদ্যালয়সমূহক মোকলাই দিবলৈ অনুৰোধ জনালোঁ । ৪) অসম চৰকাৰে ২০২০-২১ বৰ্ষত বিদ্যালয়সমূহত ছাত্ৰ আৰু শিক্ষকক অহৰহ নিৰীক্ষণ কৰি থাকিবলৈ “মিছ্” নামৰ এটা প্রাইভেট এপ সকলো শিক্ষকক গুগল প্লে-ষ্ট’ৰৰ পৰা ডাউনলোড কৰি শিক্ষকৰ নিজৰ ম’বাইলত ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াত ৰাজ্যৰ শিক্ষক সমাজে “সদৌ অসম সন্মিলিত মঞ্চ”ৰ জৰিয়তে শিক্ষা বিভাগৰ ওচৰত আবেদন জনাই অৱগত কৰিছিল যে ৰাজ্যৰ শিক্ষক সমাজে উপস্থিতি দিয়াৰ বিৰোধ কৰা নাই যদিও “মিছ” নামৰ এপটোৱে ব্যৱহাৰকাৰীৰ ম’বাইল-ছিমত থকা সকলো তথ্য কথা-বতৰা আদি অহৰহ সংগ্ৰহ কৰাৰ লগতে প্রতি মুহূৰ্ত্তত ব্যৱহাৰকাৰীক ট্রেকিং কৰি থাকে। ফলত ৰাজ্যৰ শিক্ষক সমাজে তদানীন্তন প্রধান শিক্ষা সচিবক বিতংভাৱে জনায় আৰু ইয়াৰ সমাধান বিচাৰি আবেদন জনোৱাৰ লগতে প্ৰতিখন বিদ্যালয়ত অন্ততঃ একোটা ম’বাইল হেণ্ডছেট ছিমসহ দিবলৈ দাবী জনাই আহিছিল। ৰাজ্যৰ শিক্ষা বিভাগে বিষয়টো একাষৰীয়াকৈ থৈ শিক্ষকসকলে ব্যৱহাৰ কৰা ব্যক্তিগত ম’বাইল আৰু ব্যক্তিগত নামত থকা ছিম ব্যৱহাৰ কৰিবলৈ প্ৰশাসন বিভাগৰ জৰিয়তে প্রচণ্ড হেঁচা সৃষ্টি কৰাৰ পৰিণতিত ৰাজাৰ শিক্ষক সমাজক আদালতৰ দ্বাৰস্থ হ’বলৈ বাধ্য কৰিছিল । এতিয়া অসম চৰকাৰে বিদ্যালয়ে বিদ্যালয়ে একোটা টেবলেট দি ২০২১ চনতেই ৰাজ্যৰ শিক্ষক সমাজে আগবঢ়োৱা পৰামৰ্শ প্ৰকাৰন্তে কাৰ্যকৰী কৰালে যদিও বিদ্যালয়ে বিদ্যালয়ে একোখন দিয়াটো বাঞ্ছনীয় আছিল । ২০২১ চনত ৰাজ্যৰ শিক্ষক সমাজে “মিছ” এপক কেন্দ্ৰ কৰি ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পাছত ডব্লিইউ. পি.চি.নং-৭১১৯ গোচৰত ৰাজ্য চৰকাৰে শপতনামা যোগে স্পষ্ট কৰিছিল যে “শিক্ষকক নিজৰ ম’বাইল ছীম ব্যৱহাৰ কৰি এপ ডাউনলোড কৰিবলৈ কোনো নির্দেশনা দিয়া নাছিল,সেয়া কৰ্তৃপক্ষৰ বাবে দিয়া নির্দেশনাহে আছিল আৰু উপস্থিতি লোৱা কামৰ দায়িত্ব কৰ্তৃপক্ষৰ।” ASSAM SECONDARY EDUCATION (PROVINCIALISED SCHOOLSSERVICE RULES,2018, NOTIFICATION No.ASE. 31/2013/128 Dated 18th Sept.2019ৰ নিয়মমর্মে 2(2) এখন বিদ্যালয়ৰ অধ্যক্ষ,উপাধ্যক্ষ,প্রধান শিক্ষক,সহকাৰী প্রধান শিক্ষক,ডেমনষ্ট্রেটৰ ইত্যাদি সকলো একো একোজন শিক্ষকহে । আনহাতে,সম্প্রতি ৰাজ্যৰ অধিকাংশ বিদ্যালয়ত অধ্যক্ষ বা প্রধান শিক্ষকৰ পৰিবৰ্তে শিক্ষকক ভাৰপ্ৰাপ্ত হিচাপে ৰাখি কাম চলাই থকা হৈছে। নতুনকৈ উচ্চতৰ শাখালৈ উন্নীত কৰা বিদ্যালয় তথা ২০১৩ চনত প্ৰাদেশিকৃত উচ্চ মাধ্যমিকসমূহৰ লগতে প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়সমূহত অধ্যক্ষ বা প্রধান শিক্ষকৰ পদ সৃষ্টি কৰা নাই । তদুপৰি,উল্লিখিত চাকৰি সেৱা বিধিমতে কোনো বিদ্যালয়ৰ অধ্যক্ষ,প্রধান শিক্ষক কর্তৃপক্ষ নহয় । উল্লিখিত চাকৰি সেৱা বিধিমতে কোনো বিদ্যালয়ৰ অধ্যক্ষ,প্রধান শিক্ষক বিদ্যালয় কর্তৃপক্ষ বুলি উল্লেখ নাই । উক্ত চাকৰি সেৱা বিধিৰ 2 (b) (i) আৰু 2 (b) (ii) মতে সঞ্চালক আৰু বিদ্যালয় পৰিদর্শক নিযুক্তিদায়ক কর্তৃপক্ষ হয় । সেয়ে “সদৌ অসম সন্মিলিত শিক্ষক মঞ্চ”ই এক সৌহাদ্যপূৰ্ণ স্থিতি বাহালৰ স্বাৰ্থত তথা গোচৰ নং ৭১১৯ /২০২১ৰ ৰায়ক সন্মান জনাই বিভাগীয় নির্দেশনা মতে শিক্ষণ গ্রুপ (learning app)”শিক্ষা সেতু”ৰ পৰিচালনাৰ উদ্দেশ্যেৰে যোগান ধৰা টেবলেটসমূহ কার্যক্ষম কৰি ৰাখি অবিৰত সেৱা লাভৰ সুযোগ দিবলৈ আৰু সম্ভাব্য অসুবিধা আঁতৰাবলৈ বিভাগীয়ভাৱে ছিম আৰু মাহে মাহে ৰিচাৰ্জৰ বাবে প্রয়োজনীয় খা-খৰচ প্রকৃত কর্তৃপক্ষ বিদ্যালয় পৰিদৰ্শকৰ জৰিয়তে যোগান ধৰাৰ বাবে এই আবেদন যোগে অনুৰোধ জনালোঁ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author