25.4 C
Assam
Sunday, June 11, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

এইবাৰ কামপুৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ এগৰাকী মহিলাৰ…

Assamese Newsএইবাৰ কামপুৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ এগৰাকী মহিলাৰ...

এইবাৰ সংবাদমেলৰ জৰিয়তে কামপুৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ আনিলে এগৰাকী মহিলাই। সংবাদমেলৰ আয়োজন কৰি কামপুৰ আৰক্ষীৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ আনিলে গীতামণি বৰা নামৰ এগৰাকী মহিলাই। বিগত এমাহ ধৰি মহিলা গৰাকীয়ে আৰক্ষীৰ পৰা ন্যায় নোপোৱাৰ অভিযোগ। যোৱা ১২ এপ্ৰিলত কামপুৰ থানাৰ ভিতৰতে মৃত্যু হৈছিল গীতামণি বৰাৰ স্বামী মতিপ্ৰসাদ বৰাৰ।

কোনো লিখিত গোচৰ নোহোৱাকৈ চিকিৎসালয়ৰ পৰা কামপুৰ থানাৰ মহিলা আৰক্ষীয়ে মতিপ্ৰসাদ বৰাক আটক কৰাৰ অভিযোগ। ইয়াৰ পিছতেই থানাত মৃত্যু হোৱা মতিপ্ৰসাদ বৰাক পৰিয়ালক জ্ঞাত নকৰাকৈ আৰক্ষীয়ে নিজাববীয়াকৈ মৰণোত্তৰ পৰীক্ষা কৰাৰো অভিযোগ কামপুৰ আৰক্ষীৰ বিৰুদ্ধে।

দুই জীয়ৰীক কাষত লৈ গীতামণি বৰাই সেইদিনা কামপুৰ থানাৰ দ্বায়িত্বত থকা আৰক্ষী বিষয়া হৰেন গগৈ আৰু আন আন আৰক্ষীৰ ওপৰত কামপুৰ থানাত এজাহাৰ দাখিল কৰা বুলি জনাই সংবাদমেলত। গীতামণি বৰাই কামপুৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত গোচৰ নং ৭১/২৩ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৩০২/৩৪ ধাৰাত গোচৰ পঞ্জীয়ন হৈছে যদিও আৰক্ষীয়ে কোনো তদন্ত নকৰাৰ অভিযোগ।

ঘটনাৰ সন্দৰ্ভত ১৩ এপিলত নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গীতামণি বৰাৰ জীয়ৰীক চাকৰী দিয়া প্ৰতিশ্ৰুতি দিছিল। আনহাতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মৃত্যুৰ কাৰণ বৰ্তমানলৈ উল্লেখ নোহোৱাত যাৱতীয় কাম কাজ কৰাৰ অসুবিধাৰ সৃষ্টি হয় বুলি জনাই গীতামণি বৰাই।

সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিবৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে মহিলাগৰাকীয়ে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!