টীয়ক জাতীয় বিদ্যালয়ৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান,ন্যাস বঁটা প্ৰদান আৰু প্ৰীতি সন্মিলন

টীয়ক জাতীয় বিদ্যালয়ৰ বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান,ন্যাস বঁটা প্ৰদান আৰু প্ৰীতি সন্মিলন

মূখ্য অতিথি হিচাপে অংশগ্ৰহণ যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত!

টীয়কৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান টীয়ক জাতীয় বিদ্যালয়ত আজি আয়োজিত এক বিশেষ সম্বৰ্দ্ধনা অনুষ্ঠান,ন্যাস বঁটা প্ৰদান আৰু প্ৰীতি সন্মিলনত যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্তই মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম স্হান দখল কৰা টীয়ক জাতীয় বিদ্যালয়ৰ মেধাৱী ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা হয়।ইপিনে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি উপায়ুক্ত গৰাকীয়ে সাৰুৱা ভাষণ প্ৰদান কৰি সকলোকে পঢ়াত মনোনিবেশ কৰিবলৈ আহ্বান জনাই ভৱিষ্যতলৈও টীয়কৰ জাতীয় বিদ্যালয়ৰ পৰা আৰু অধিক স্হান দখল কৰি অসমৰ ভিতৰত যোৰহাট জিলা আৰু টীয়কৰ মান অক্ষুণ্ণ ৰাখিব বুলি আশা প্ৰকাশ কৰে।উক্ত অনুষ্ঠানত টীয়ক জাতীয় বিদ্যালয়ৰ সঞ্চালক প্ৰদীপ চুতীয়া,সচিব সৌৰভ বৰা,বিশিষ্ট শিক্ষাবিদ অকণ চন্দ্ৰ শইকীয়া,টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌভিক ভূঞাকে প্ৰমুখ্য কৰি বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ লগতে অভিভাৱক সকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Shahnawaz Hamza

Related