পুনৰ গুৱাহাটীত ফুটিল পানীৰ পাইপ, পানীৰ পাইপ মেৰামতি কৰি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা

পুনৰ গুৱাহাটীত ফুটিল পানীৰ পাইপ, পানীৰ পাইপ মেৰামতি কৰি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জাইকাৰ পানীৰ পাইপ ফুটাক লৈ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত পানীৰ পাইপ ফুটিবই বুলি কোৱাৰ আধা ঘণ্টা নহওতেই জুৰোডত সংঘটিত হ’ল তেনে এক ঘটনা। জুৰোডৰ অপূৰ্ব সিনহা পথত শ্ৰমিকে পানীৰ পাইপ মেৰামতি কৰি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।

৩ জন শ্ৰমিকে পানীৰ পাইপ মেৰামতি কৰি থকাৰ সময়ত সেই স্থানত নাছিল কোনো কাৰিকৰী বিষয়া। অৱশ্যে সৌভাগ্যবশতঃ এই পানীৰ পাইপ ফুটাৰ ঘটনা পূৰ্বে সংঘটিত হোৱাৰ দৰে খাৰঘূলি অথবা ৰাজগড়ৰ দৰে ভয়ংকৰ নহয়।

উল্লেখ্য যে, নৱগ্ৰহ মন্দিৰ দৰ্শন কৰিবলৈ গৈ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পানীৰ পাইপ বিস্ফোৰণ সন্দৰ্ভত কয়, কেৰেলাত ২২ হাজাৰ পাইপ ফুটিছে । পানীৰ পাইপ ফুটিবই, ফুটাৰ লগে লগেই বন্ধ কৰি দিব লাগে।

ইয়াৰোপৰি তেওঁ সাংবাদিকৰ আগত কয়, আপোনালোকে গুগল কৰিলে দেখিব পানীৰ পাইপ দিল্লীতো ফুটে, কেৰেলাতো ফুটে । পানীৰ পাইপ ফুটাটো কোনেও ৰখাব নোৱাৰে। কিন্তু পাইপ ফুটিলে নিয়ন্ত্ৰণ কক্ষত লগে লগেই গম পাব লাগে আৰু পানীৰ যোগান বন্ধ কৰিব লাগে ।

Shahnawaz Hamza

Related