আজিয়ে ঘৰত ফিনিক্স চৰাইৰ ছবি ৰাখক, সকলো সমস্যা নাইকিয়া হৈ পৰিব…

আজিয়ে ঘৰত ফিনিক্স চৰাইৰ ছবি ৰাখক, সকলো সমস্যা নাইকিয়া হৈ পৰিব…

এনে বহু নিয়ম আৰু নীতি বাস্তু শাস্ত্ৰত কোৱা হৈছে, যাৰ বাবে ঘৰত ধনাত্মক শক্তিৰ প্ৰবাহ বৃদ্ধি পায়। বাস্তু শাস্ত্ৰত আচবাব, গছ-গছনি, পৰ্দা, পাকঘৰ, বাথৰুম, সজ্জা, চিত্ৰকলা আদিৰ দিশ, স্থান আৰু ৰক্ষণাবেক্ষণৰ বিষয়ে ব্যাখ্যা কৰা হৈছে।

বাস্তু নিয়ম মানি চলিলে ঘৰত সুখ আৰু সমৃদ্ধি আনে আৰু নেতিবাচক শক্তিয়ে ঘৰত ছাঁ নপৰে। আজি আমি ফিনিক্স চৰাইৰ বিষয়ে ক’ম। আপুনি আপোনাৰ ঘৰখন সজাবলৈ বহু ধৰণৰ চৰাইৰ ছবি, ফটো, পেইন্টিং বা মূৰ্তি ৰাখে। কিন্তু ফিনিক্স চৰাই বাস্তুত অতি ভাল বুলি গণ্য কৰা হয়।

ঘৰত ফিনিক্স চৰাইৰ ফটো ৰখাৰ লাভালাভ-

১.বাস্তুৰ মতে এই চৰাইৰ ছবি এখন নিৰ্দিষ্ট দিশত বা স্থানত ৰাখিলে ঘৰলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে, পৰিৱেশ সুখী হয় আৰু সফলতাৰ নতুন বাট মুকলি কৰে।
২.ফিনিক্স চৰাইটোৱে সফলতা আৰু শক্তি প্ৰদানৰ সৈতে জড়িত। লগতে ইয়াক খ্যাতি আৰু বিকাশৰ প্ৰতিনিধিত্ব হিচাপে গণ্য কৰা হৈছে।
৩.যদি আপুনি বহুদিন কষ্ট কৰিও সফলতা লাভ কৰা নাই, তেন্তে নিশ্চিতভাৱে ঘৰত ফিনিক্স চৰাইৰ ছবি এখন ৰাখক। ইয়াৰ লগে লগে সফলতাৰ সম্ভাৱনা গঢ় লৈ উঠে।
৪.দক্ষিণ অংশত ফিনিক্স চৰাইৰ ছবি, ফটো, পেইন্টিং বা মূৰ্তি ৰাখিব পাৰে।
৫.একে সময়তে বাস্তু শাস্ত্ৰত পূৱ দিশটোও চৰাইৰ ছবি ৰখাৰ বাবে ভাল বুলি বিবেচিত হৈছে।

আপুনি এটা কথা জানি ৰখা প্ৰয়োজন যে, বাস্তৱত ফিনিক্স নামৰ কোনো চৰাই নাই। ই কেৱল কল্পনাৰ ৰচনা, যিটো সফলতা, ইতিবাচকতা আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হৈছে। ইয়াক ফিনিক্স চৰাই, অমৰপক্ষী বা মায়াপাঞ্চি বুলিও কোৱা হয়।

GTM Desk