বিবাহৰ প্ৰস্তুতি চলি থকাৰ সময়তে, ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

বিবাহৰ প্ৰস্তুতি চলি থকাৰ সময়তে, ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুক লৈ অঞ্চল জুৰি তীব্ৰ উত্তেজনা। ১৮ বছৰীয়া যুৱতী গৰাকী দৰং জিলাৰ খাৰুপেটিয়াৰ বুলি জানিব পৰা গৈছে। যুৱতী গৰাকী ছয়মাহৰ অন্তঃসন্তা বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

এসপ্তাহ আগত কচুৱাৰ বালিচৰাৰ এটা সন্তানৰ পিতৃ ছাইফুল ইছলাম নামৰ ব্যক্তিজনে বিবাহ কৰিবলৈ প্ৰলোভন দি আনিছিল যুৱতীগৰাকীক।ছাইফুলে তিনিদিন পূৰ্বে সামাজিক ভাৱে বিবাহ কৰাৰ প্ৰস্তুতি চলাইছিল যুৱতী গৰাকীৰ লগত। সোমবাৰে ৰহস্যজনক ভাৱে ছাইফুলৰ ঘৰৰ বিচনাত অতি সংকটজনক অৱস্থাত যুৱতী গৰাকীক উদ্ধাৰ কৰে ৰাইজে।

লগে লগে নগাঁৱৰ চিকিৎসালয়লৈ নিয়া হয় যুৱতীগৰাকীক। শোকাবহ ভাৱে বুধবাৰে পুৱাই চিকিৎসালয়ত মৃত্যুক সাৱটি লয় যুৱতী গৰাকীয়ে।। ইতিমধ্যে আৰক্ষীয়ে ছাইফুলৰ পিতৃ আব্দুৰ ৰহিমক আটক কৰি সোধ পোচ অব্যাহত ৰাখিছে। ঘটনাৰ পিছতে পলায়ন কৰা ছাইফুল ইছলামে পৰৱৰ্তী সময়ত কচুৱা থানাত আত্মসমৰ্পন কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। চাইফুল ইছলাম দেহ ব্যৱসায়ৰ লগত জড়িত থকা বুলি অভিযোগ উত্থাপিত হৈছে। আনহাতে ছাইফুলৰ পিতৃ -মাতৃয়ে যুৱতী গৰাকীয়ে আত্মহত্যা কৰা বুলি প্ৰকাশ কৰিছে। অৱশ্যে আৰক্ষীৰ তদন্তহে পোহৰলৈ আহিব প্ৰকৃত সত্য।

GTM Desk