জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিঙত অসম সন্তান অবিনাশ দাসৰ ব্ৰঞ্জ পদক লাভ…

জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিঙত অসম সন্তান অবিনাশ দাসৰ ব্ৰঞ্জ পদক লাভ…

ৰাজ্যবাসী লৈ সুখবৰ । পঞ্চম জুনিয়ৰ ৰাষ্ট্ৰীয় বক্সিংত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে অসম সন্তানে। উল্লেখ্য যে, যোৱা ৯ জুলাইৰ পৰা অৰুণাচল প্ৰদেশৰ ইটানগৰত অনুষ্ঠিত পঞ্চম জুনিয়ৰ‌ বয়জ ৰাষ্ট্ৰীয় বক্সিং ২০২৩ প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি যোৰহাট এমেছাৰ বক্সিং সন্থাৰ খেলুৱৈ অবিনাশ দাসে লাভ কৰিছে ব্ৰঞ্জৰ পদক।

খেলুৱৈগৰাকীৰ এই সফলতাই সকলোকে আনন্দিত কৰি তুলিছে । লীগ খেলত পশ্চিম বংগ, প্ৰি-কোৱাৰ্টাৰ মেঘালয়ক, কোৱাৰ্টাৰ ফাইনেলত গুজৰাটৰ এজন বিশেষ শক্তিশালী বক্সাৰক পৰাজিত কৰি অবিনাশে অৱশেষত ছেমি ফাইনেলত পৰাজিত হয় অৰুণাচল প্ৰদেশৰ বক্সাৰৰ হাতত ।

তাৎপৰ্যপূৰ্ণ বিষয় যে, প্ৰতিযোগিতাখনত অসমৰ পৰা ১০জন খেলুৱৈয়ে যোগদান কৰিছিল । আটাই কেইগৰাকী খেলুৱৈৰ ভিতৰত একমাত্ৰ যোৰহাটৰ অবিনাশ দাসে পদক জয় কৰিবলৈ সক্ষম হয়।

যোৰহাট এমেছাৰ বক্সিং সন্থাৰ খেলুৱৈসকলৰ অনুশীলনৰ বাবে এডোখৰ স্থায়ী অনুশীলন স্থলীৰ নথকাৰ লগতে নাই এটাও ৰিং । প্ৰয়োজনীয় সা-সুবিধা লাভ নকৰাৰ পাছতো পদক জয় কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বক্সাৰগৰাকীয়ে। অবিনাশ দাসৰ এই সফলতাক আন্তৰিক অভিনন্দন জনাইছে যোৰহাট জিলা এমেছাৰ বক্সিং সন্থাই।

GTM Desk