পুৱাৰে পৰা অসম-বংগ সীমান্তত ভূটানৰ পানীয়ে চলাইছে সংহাৰ

পুৱাৰে পৰা অসম-বংগ সীমান্তত ভূটানৰ পানীয়ে চলাইছে সংহাৰ

প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে জলপ্ৰলয়।ভূটানৰ পৰা হোৰাহোৰে নামিছে পানী।বাক্সা, বিজনী, চিৰাং আদিৰ লোকক সাৱধানে থাকিবলৈ ভূটান চৰকাৰে জাৰি কৰিছিল আগতীয়া জাননী।

জানিব পৰা মতে, ভূটানে পানী এৰাৰ পিছতে ভয়ংকৰ পৰিস্হিতি আৰম্ভ হৈছে অঞ্চল সমূহত ।ঘৰৰ ভিতৰতে পানীৰ সোঁত বৈছে বুলি জানিব পৰা গৈছে।ছিগি গৈছে ঘাইপথ ।ভয়ংকৰ পৰিস্হিতিৰ মাজতে আবদ্ধ হৈ থকা লোকক উদ্ধাৰ কৰিবলৈ সাজু হৈছে নিৰাপত্তাৰক্ষী।

লগতে, উত্তৰ বংগৰ আলিপুৰদুৱাৰ জিলাৰ মেচপাৰাত ভয়ংকৰ বান পৰিস্হতিয়ে দেখা দিছে।সেই অঞ্চলৰ লোকক উদ্ধাৰ কৰিবলৈ নামি পৰিছে অৰ্ধ সামৰিক বাহিনী ।গোবৰজ্যোতি নদীৰ বাঢ়নী পানীয়ে ছিলি নিলে মথাউৰি।বৰ্তমান ভয়ংকৰ পৰিস্হতিৰ বাবে বৰ্তমান ভাৰত-ভূটান যোগাযোগ বিছিন্ন হৈ পৰিছে।

Shahnawaz Hamza

Related