শিমলীতোলাত বন বিভাগৰ অভিযানত কেবালাখ টকাৰ চোৰাং কাঠ জব্দ ,মিল উচ্ছেদ

শিমলীতোলাত বন বিভাগৰ অভিযানত কেবালাখ টকাৰ চোৰাং কাঠ জব্দ ,মিল উচ্ছেদ


গোৱালপাৰা জিলাৰ শিমলীতোলা খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত বৰপথাৰত আজি জিলা বন প্ৰাধিকাৰী তেজস্বী মোস্বামীৰ নিৰ্দেশ মৰ্মে এক অতৰ্কিত অভিযান চলে আৰু এই অভিযানত অবৈধ কাঠমিল এটা উচ্ছেদৰ উপৰি কেবালাখ টকা মূল্যৰ মূল্যবান গছৰ কুণ্ডা আৰু ফলা কাঠ জব্দ কৰে বন বিভাগৰ অভিযানকাৰী দলটিয়ে |ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া খলিলুৰ ৰহমানৰ নেতৃত্বত আৰু ধূপধৰা খণ্ড বন বিষয়া কাৰ্যালয় আৰু শিমলীতোলা খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ সহযোগত চলে আজিৰ এই অভিযান |বৰপথাৰত চোৰাং কাঠৰ বিৰুদ্ধে চলা আজিৰ এই অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰাৰ উপৰি কাঠফলা মিল উৎখাত কৰি চাৰিখনকৈ কাঠভৰ্ত্তি ঘোঁৰা গাড়ীও জব্দ কৰে বন বিভাগৰ দলটিয়ে |স্মৰ্তৱ্য যে দীৰ্ঘদিনৰে পৰা ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ ভিন্ন স্থানত বন ধ্বংসৰ অঘোষিত প্ৰতিযোগিতা চলি থকাৰ মাজতেই বৰপথাৰ অঞ্চলৰ পৰা কেবালাখ টকা মূল্যৰ চোৰাং কাঠ ,কাঠফলা মিল আদি জব্দ কৰিবলৈ সক্ষম হোৱাত নতুনকৈ দ্বায়িত্বভাৰ লোৱা জিলা বন প্ৰাধিকাৰীৰ এনে পদক্ষেপক অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী ৰাইজে শলাগিছে।

Shahnawaz Hamza

Related