টীয়কত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰ ওপৰত সংঘটিত পথ দূৰ্ঘটনাত নিহত এজন

টীয়কত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ৰ ওপৰত সংঘটিত পথ দূৰ্ঘটনাত নিহত এজন

বৃহস্পতিবাৰে বিয়লি টীয়কৰ তেলীয়া গাঁৱৰ নামঘৰৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।যোৰহাটৰ পৰা টীয়ক অভিমুখে আহি থকা AS-03-T-3691 নম্বৰৰ ফৰ্ড ফিগু গাড়ীৰে পাছফালৰ পৰা চাইকেলেৰে আহি থকা অৱস্থাত ভৱেন বৰুৱা নামৰ এগৰাকী ব্যক্তিক খুন্দা মাৰে।ঘটনাটো সংঘটিত হোৱা লগে লগে স্থানীয় ৰাইজে ততাতৈয়াকৈ গুৰুতৰভাৱে আহত বৰুৱাক টীয়ক এফ আৰ ইউলৈ লৈ আহে যদিও চিকিৎসকে ইতিমধ্য আহত ব্যক্তিজনক মৃত ঘোষণা কৰে।মৃত ব্যক্তিজনৰ ঘৰ কাকজান দুলীয়া গাঁৱত বুলি জানিব পৰা গৈছে।

GTM Desk