গোৱালপাৰাতো মাতৃভাষা বিদ্যালয়ৰ জয়জয়কাৰ ৯২.৩৩ নম্বৰ লাভ কৰি গোৱালপাৰাৰ নাম উজলাই তুলিলে চিন্ময়ী শীলে

গোৱালপাৰাতো মাতৃভাষা বিদ্যালয়ৰ জয়জয়কাৰ ৯২.৩৩ নম্বৰ লাভ কৰি গোৱালপাৰাৰ নাম উজলাই তুলিলে চিন্ময়ী শীলে

গণিতত লাভ কৰিলে ৯৮ নম্বৰ

গোৱালপাৰা ২৩ মে ২০২৩: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোৱালপাৰা জিলাৰ মৰিয়ম নগৰ নিবাসী জোনমণি দাসৰ একমাত্ৰ কন্যা চিন্মনী শীলে ৯২.৩৩ শতাংশ নম্বৰ লাভ গোৱালপাৰালৈ সুনাম কঢ়িয়াই আনিছে ৷ গোৱালপাৰা জাতীয় বিদ্যালয়ৰ পৰা প্ৰতিটো বিষয়ত লেটাৰ মাৰ্ক সহ উত্তীৰ্ণ হোৱা চিন্ময়ী শীলে প্ৰতিদিনে কমেও ১২-১৩ ঘন্টাকৈ পঢ়া-শুনা কৰিছিল ৷মাতৃ জোনমণি দাসৰ তত্বাৱধানত পঢ়া-শুনা কৰা চিন্ময়ী শীলৰ এই সাফল্যত গৌৰৱান্বিত তেওঁৰ মাক,আত্মীয় স্বজনৰ লগতে শুভাকাংশীসকল ৷ কাৰণ তেওঁলোকৰ বংশত প্ৰথমবাৰৰ বাবে ভাল নম্বৰ লৈ পাছ কৰা চিন্ময়ীয়েই প্ৰথম ৷ভৱিষ্যতে এগৰাকী সুনাগৰিক তথা চিকিৎসক হোৱাৰ আশা মনহে পুহি ৰখা চিন্ময়ী শীলৰ ওচৰত ইতিমধ্যে অসমৰ বিভিন্ন নামজ্বলা মহাবিদ্যালয়ৰ পৰা বিনামূলীয়া নামভৰ্তিৰ বাবে ফোন আহিয়েই আছে ৷তেওঁৰ এই সাফল্যই গোৱালপাৰা জাতীয় বিদ্যালয়খনৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে ৷

GTM Desk

Related