নাবালিকাক ধৰ্ষণঃ অভিযুক্ত নাৰায়ন দে’ক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড!

নাবালিকাক ধৰ্ষণঃ অভিযুক্ত নাৰায়ন দে’ক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড!

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ দামৰাপাৰা নিৱাসী তথা ব্যৱসায়ী নাৰায়ন দে’ক(৪২) বুধবাৰে কোকৰাঝাৰ বিশেষ আদালতৰ জে . কোচৰ আদালতে ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে । ইয়াৰোপৰি জৰিমনা অনাদায়ে অতিৰিক্ত এবছৰৰ কাৰাদণ্ড বিহিছে জে . কোচৰ আদালতে ।

উল্লেখ্য যে ভুক্তোভোগীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰা অধিবক্তা মনজিৎ ঘোষে সদৰি কৰা মতে অভিযুক্ত নাৰায়ন দে’ ২০১৯ চনত তেওঁৰ পত্নীৰ নাবালিকা ভতিজীক বনকৰা হিচাপে নিজ ঘৰত ৰাখিছিল । কিন্তু অভিযুক্তই নাবালিকা ছোৱালীজনীৰ সতে অবৈধ সম্পৰ্ক গঢ়ি তোলে আৰু যাৰ পৰিণতিত নাবালিকা ছোৱালীগৰাকী গৰ্ভৱতী হয় ।

পিছত নাবালিকা গৰাকীয়ে এটি সন্তানো জন্ম দিয়ে । উক্ত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে গোসাঁইগাঁও থানাত এজাহাৰ দাখিল কৰে আৰু এজাহাৰ মৰ্মে গোসাঁইগাঁও থানাত এক গোচৰ (নং ১১৮/১৯) ৰজু হয় ।

সুদীৰ্ঘ দিনৰ পিছত আজি জে কোচৰ বিশেষ আদালতে পকচো আইনৰ ৬ নং ধাৰা মৰ্মে এক গুৰুত্বপুৰ্ণ ৰায়দান প্ৰদান কৰি অভিযুক্ত ব্যৱসায়ী নাৰায়ন দে’ক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহিছে । তদুপৰি জৰিমনা অনাদায়ে অতিৰিক্তভাৱে এবছৰ কাৰাৱাস খাটিব লাগিব বুলি স্পষ্ট কৰি দিয়ে আদালতে।

GTM Desk