Advertisement

লোকসভাত দিলীপ শইকীয়াৰ পথৰুঘাটৰ ৰাষ্ট্ৰীয় কৃষক ছহিদ স্মাৰক বিধেয়ক উত্থাপন

লোকসভাত দিলীপ শইকীয়াৰ পথৰুঘাটৰ ৰাষ্ট্ৰীয় কৃষক ছহিদ স্মাৰক বিধেয়ক উত্থাপন
মঙলদৈৰ সাংসদ দিলীপ শ‍ইকীয়াই অলপতে লোকসভাত উত্থাপন কৰে পথৰুঘাটৰ ৰাষ্ট্ৰীয় কৃষক ছহিদ স্মাৰক বিল। এই বিলৰ সমর্থনত সাংসদগৰাকীয়ে কয় যে, অসমৰ দৰং জিলাৰ পথৰুঘাটৰ হোজা কৃষকসকলে ব্ৰিটিছ শাসকে মাটিৰ খাজনা আৰু কৰ বৃদ্ধিৰ বিৰুদ্ধে ১৮৯৪ চনৰ ২৮ জানুৱাৰীৰ দিনা পথৰুঘটিত ব্ৰিটিছৰ বিৰুদ্ধে অহিংস নীতি অবলম্বন কৰি এক বিদ্ৰোহৰ সূচনা কৰিছিল।
কিন্তু ঔপনিৱেশিক ব্ৰিটিছৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে শাস্তিপূৰ্ণ কৃষকসকলৰ ওজৰ-আপত্তি শুনাৰ পৰিবর্তে গুলীচালনা কৰাত সাতকুৰি কৃষকে থিতাতে প্রাণ হেৰুৱাবলগীয়া হয়। প্রায় এশ পঞ্চাশগৰাকী কৃষক গুৰুতৰভাৱে আহত হৈছিল।
পথৰুঘাটৰ এই ঐতিহাসিক কৃষক বিদ্রোহ আৰু কৃষক ছহিদৰ আত্মবলিদান ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ ইতিহাসৰ এক গৌৰৱোজ্জ্বল অধ্যায় যদিও জালিৱানবালাবাগৰ নৃশংস হত্যাকাণ্ডতকৈ ২৫ বছৰ পূর্বে সূচনা হোৱা এই কৃষক বিদ্ৰোহ আৰু সাতকুৰি কৃষক ছহিদৰ সৰ্বোচ্চ ত্যাগ আজিলৈকে ৰাষ্ট্ৰীয় সন্ধান আৰু স্বীকৃতিৰ পৰা বঞ্চিত হৈ আহিছে।
সেয়ে পথৰুঘটিত এই কৃষক ছহিদসকলৰ পবিত্র স্মৃতি চিৰস্থায়ী কৰাৰ বাবে এটি ৰাষ্ট্ৰীয় কৃষক ছহিদ স্মাৰক নিৰ্মাণ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰক সাংসদ শ‍ইকীয়াই আহ্বান জনায়। এই বিলখনৰ ওপৰত বিতং আলোচনা কৰি বিহিত ব্যৱস্থা লোৱাৰ বাবে সদনত প্রস্তাব গৃহীত কৰা হয়।

Shahnawaz Hamza

Related