32.8 C
Assam
Thursday, June 8, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

অষ্ট্ৰেলিয়াৰ প্ৰখ্যাত বিশ্ববিদ্যালয়ত অন্নদা গোঁহাইৰ নাম চিৰযুগমীয়া কৰাৰ প্ৰয়াস…

Assamese Newsঅষ্ট্ৰেলিয়াৰ প্ৰখ্যাত বিশ্ববিদ্যালয়ত অন্নদা গোঁহাইৰ নাম চিৰযুগমীয়া কৰাৰ প্ৰয়াস...

এগৰাকী অসমীয়াই গৌৰৱান্বিত কৰিলে অসমৰ লগতে ভাৰতবাসীক ৷ এইগৰাকী অসমীয়া নাৰীৰ নাম চিৰদিনৰ বাবে খোদিত হ’ব বিশ্বৰ অন্যতম এখন প্ৰখ্যাত বিশ্ববিদ্যালয়ত ।বিশ্ববিদ্যালয়খনে এই কথা ঘোষণা কৰাৰ পাচতে উৎফুল্লিত হৈ পৰিছে অসমবাসী ৷

বিশ্বৰ এখন প্ৰখ্যাত বিশ্ববিদ্যালয় হ’ল ইউনিভাৰ্চিটি অব্ নিউ ছাউথ ৱেলচ্ ৷ অষ্ট্ৰেলিয়াৰ কেনছিংটনত (Kensington) অৱস্থিত বিশ্ববিদ্যালয়খন এখন সম্ভ্ৰান্ত বিশ্ববিদ্যালয় হিচাবে পৰিচিত ৷ স্নাতক নিয়োগ যোগ্যতাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে ২৭ সংখ্যক স্থানত আৰু অষ্ট্ৰেলিয়াৰ দ্বিতীয় স্থানত থকা বিশ্ববিদ্যালয়খনৰ ১৭ টা বিল্ডিং নতুনকৈ নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই ৷

সেই অনুসৰি বিশ্ববিদ্যালয়খনৰ মহিলা পদাংক চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে নিৰ্বাচিত কৰা হৈছে বিশ্বৰ বিভিন্ন স্থানৰ পৰা গৈ বিশ্ববিদ্যালয়খনত খোজ দিয়া কেইবাগৰাকীও মহিলাৰ নাম ৷ তাৰে এগৰাকী অসম সন্তান অন্নদা গোঁহাই ৷ অন্নদা গোঁহাইৰ নামত নামকৰণ কৰা হ’ব বিশ্ববিদ্যালয়খনৰ GO-6 প্ৰেক্ষাগৃহ ৷ অন্নদা গোঁহাই আছিল গুৱাহাটীৰ খাৰঘূলিৰ বাসিন্দা ৷

২০১১ৰ ১৯ ছেপ্তেম্বৰত ৮১ বছৰ বয়সত মৃত্যুবৰণ কৰা অন্নদা গোঁহায়ে অসম চৰকাৰৰ কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক হিচাবে সেৱা আগবঢ়াই ২০০৭ চনত অৱসৰ গ্ৰহণ কৰিছিল ৷ অষ্ট্ৰেলিয়াৰ প্ৰখ্যাত বিশ্ববিদ্যালয়খনে অন্নদা গোঁহাইৰ নাম চিৰযুগমীয়া কৰাৰ প্ৰয়াসৰ কাৰণ হ’ল যে তেওঁ ১৯৫৫ চনত বিশ্ববিদ্যালয়খনৰ আমন্ত্ৰণত এক বিশেষ দুবছৰীয়া খাদ্য প্ৰযুক্তি কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ৷

১৯৫৯ত তেওঁ ইউনিভাৰ্চিটি অব্ নিউ ছাউথ ৱেলচৰ পৰাই স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল ৷ বিশ্ববিদ্যালয়খনে প্ৰকাশ কৰা অনুসৰি এনে কেইগৰাকীমান নাৰীৰ নামেৰে বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিল্ডিং আৰু অঞ্চল নতুনকৈ নামাকৰণৰ সিদ্ধান্ত লোৱা হৈছে, যিকেইগৰাকী মহীয়সী নাৰীৰ পদধূলা বিশ্ববিদ্যালয়খনৰ বাবে আশীৰ্বাদস্বৰূপ ৷

উল্লেখ্য যে, বিদেশৰ বিশ্ববিদ্যালয়েও নাম চিৰযুগমীয়া কৰিবলৈ বিচৰা অন্নদা গোঁহাই শিক্ষাবিদ মহেন্দ্ৰ নাথ গোহাঁইৰ সুযোগ্যা সন্তানৰ লগতে বিশিষ্ট চিন্তাবিদ ড° হীৰেন গোঁহাইৰ জ্যেষ্ঠ ভগ্নী ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!