‘আপ’ অসমে কমল কুমাৰ মেধিক কৰা নিলম্বনত স্থগিতাদেশ জাৰি কৰিলে আদালতে

‘আপ’ অসমে কমল কুমাৰ মেধিক কৰা নিলম্বনত স্থগিতাদেশ জাৰি কৰিলে আদালতে

কমল কুমাৰ মেধিক আপৰ পৰা নিলম্বনক লৈ কামৰূপ মহানগৰ দেৱানী আদালতৰ গুৰুত্বপূৰ্ণ ৰায়৷ ‘আপ’ অসমে কমল কুমাৰ মেধিক কৰা নিলম্বনত স্থগিতাদেশ জাৰি কৰিছে আদালতে ৷

ইয়াৰ পিছতে কমল কুমাৰ মেধিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় – “ মই ন্যায় পালোঁ ৷ মোক বদনাম কৰিবলৈ কৰা ষড়যন্ত্ৰ ব্যৰ্থ হ’ল ৷ ৰাজনৈতিক ভাৱে মোক নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছিল সেই ষড়যন্ত্ৰ ইয়াতে অন্ত পৰিব বুলি আশা কৰিছোঁ ৷”তেওঁ আৰু কয় যে, “৪ জুলাইত আপে মোক কৰা নিলম্বন দলৰ সাংবিধান অনুসৰি হোৱা নাছিল ৷ ৰাজ্যিক সভাপতিয়ে ৰাজ্যিক উপ-সভাপতিক নিলম্বন কৰাৰ কোনো নিয়ম আম আদমী পাৰ্টীত নাই ৷ আপৰ ৰাজ্যিক উপ-সভাপতিক নিলম্বন কৰিবৰ বাবে কেন্দ্ৰীয় সমিতিৰ অনুমোদনৰ প্ৰয়োজন ৷ এই সকলো বিলাক সাংবিধানিক নীতি-নিয়ম উলংঘা কৰি ৰাজনৈতিক আক্ৰোশৰ বাবে নিলম্বন কৰা হৈছিল ৷ আদালতে এই নিলম্বনক অসাংবিধানিক আখ্যা দি পূৰ্বৰ পদ বাহাল ৰাখিবলৈ নিৰ্দেশ দিছে ৷”

আদালতৰ এই ৰায়ক আদৰণি জনাই আদালতক ধন্যবাদ জ্ঞাপন কৰে নেতাগৰাকীয়ে ৷ এইধৰণৰ অন্যায় কাম যাতে ভবিষ্যতে আম আদমী পাৰ্টীৰ কোনো ৰাজ্যিক সভাপতি বা নেতাই নকৰে তাৰ বাবে আহ্বান জনাইছো বুলি মন্তব্য কৰে তেওঁ ৷

উল্লেখ্য যে ‘তিনি গগৈ’ বিতৰ্ক সন্দৰ্ভত কৰা মন্তব্যৰ বাবে আম আদমি পাৰ্টী দলটোৱে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৪ জুলাইৰ দিনা নিলম্বন কৰিছিল দলটোৰ নেতা কমল কুমাৰ মেধিক ৷ দলটোৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীৰ স্বাক্ষৰ সম্বলিত এক পত্ৰযোগে নিলম্বনৰ বিষয়ে অৱগত হৈছিল কমল কুমাৰ মেধি ৷ কাৰণ দৰ্শোৱা পৰ্যন্ত কোনো সুযোগ প্ৰদান নকৰা দলটোৰ এই সিদ্ধান্তৰ পিছতে কমল কুমাৰ মেধিয়ে দলটোৰ বিৰুদ্ধে সোচ্চাৰ হোৱা পৰিলক্ষিত হৈছিল ৷ তাৰ পিছতে ন্যায় বিচাৰি আদালতৰ কাষ চাপিছিল কমল কুমাৰ মেধি ৷

GTM Desk