বৰঝাৰ বিমান বন্দৰত আটক নাইজেৰিয়ান মহিলা

বৰঝাৰ বিমান বন্দৰত আটক নাইজেৰিয়ান মহিলা

বৰঝাৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰত আটক নাইজেৰিয়ান মহিলা ৷

উদ্থাপিত অভিযোগ অনুসৰি জাদী মিকালে নামৰ নাইজেৰিয়ান মহিলা গৰাকীয়ে ভুৱা ভিছাৰে প্ৰৱেশ কৰিছিল ভাৰতত ৷

বুধবাৰে নিশা এয়াৰ এছিয়া বিমানেৰে নতুন দিল্লীৰ পৰা বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হয় । কিন্ত ইতিমধ্যে এই বিষয়ে বিমানবন্দৰ কৰ্তৃপক্ষই তথ্য লাভ কৰি সংশ্লিষ্ট নিৰাপত্তা বাহিনীক সষ্টম কৰি থকাৰ মাজতে ব্যুৰ অৱ ইমিগ্ৰেছনৰ বিষয়াই ভুৱা ভাৰতীয় ভিছাৰ সৈতে আটক কৰে নাইজেৰিয়ান মহিলাগৰাকীক।

নিশাতো আজাৰা আৰক্ষী থানাত জেৰা কৰাৰ পাছত আজি কামৰূপ মহানগৰৰ চি জি এম আদালতলৈ নিয়া হয় হয় ৷

আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আফ্ৰিকান মহিলাগৰাকীক।

ব্যুৰ অৱ ইমিগ্ৰেছনৰ বিষয়াই মহিলাগৰাকীৰ পৰা জব্দ কৰা হয় এটা টেবলেট, এটা স্মাৰ্টফোন আৰু পাছপ’ৰ্ট।

GTM Desk