এইবাৰ প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

এইবাৰ প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলাৰ ডিঙিৰ সোণৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

বিগত কেইটামান দিনত গুৱাহাটীৰ বিভিন্ন অঞ্চলত মহানগৰ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ গৈ কেবাটাও চিলনী চোৰ আৰক্ষীৰ গুলীত আহত হোৱা স্বত্ত্বেও তাণ্ডৱ কমা নাই চিলনী চোৰৰ। এক কথাত যেন আৰক্ষীয়ে আৰক্ষীৰ কাম কৰিছে আৰু চিলনী চোৰেও যেন নিজৰ কাম কৰি গৈছে। এই ধাৰা অব্যাহত ৰাখি শনিবাৰে পশ্চিম গুৱাহাটীৰ আজাৰা আৰক্ষী থানা এলেকাৰ কেন্দুকুচিত পুৱা এগৰাকী মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন কাঢ়ি লৈ যায় চিলনী চোৰে। প্ৰাপ্ত কবৰ অনুসৰি কেন্দুকুচিৰ কণিকা দাস নামৰ মহিলা গৰাকীয়ে প্ৰাতঃভ্ৰমণ সমাপ্ত কৰি উভতি আহি ঘৰৰ গেটৰ তলা খুলিবলৈ ধৰাৰ সময়তে বাইকত অহা দুজন অচিনাক্ত দুৰ্বৃত্তই মহিলাগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইন ডাল কাঢ়ি লৈ চকুৰ পচাৰতে উধাও হয়। সেই সময়ত মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰে যদিও কোনো মানুহ নথকাৰ সুযোগ লৈ যুৱক দুজন পলায়ন কৰে। ইতিমধ্যে মহিলাগৰাকীয়ে আজাৰা থানাত ঘটনাৰ সবিশেষ জনাই এজাহাৰ দাখিল কৰিছে।

GTM Desk