আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত হাজোত হাজো আঞ্চলিক ছাত্ৰ-সন্থাৰ বৃহৎ প্ৰতিবাদী সমদল।

আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত হাজোত হাজো আঞ্চলিক ছাত্ৰ-সন্থাৰ বৃহৎ প্ৰতিবাদী সমদল।
আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত হাজোত হাজো আঞ্চলিক ছাত্ৰ-সন্থাৰ বৃহৎ প্ৰতিবাদী সমদল। হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ পৰা হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়লৈ গৈ পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ন কৰি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আছুৰ উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত উলিওৱা বিক্ষোভ কাৰ্যসূচী মূলতঃ অসমীয়া মাধ্যমৰ বিদ্যালয়ত ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম ইংৰাজী ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাত পঢ়ুওৱাৰ ব্যৱস্থা কৰা, হাজো অঞ্চলৰ বিদ্যালয়- মহাবিদ্যালয়সমূহৰ খালী হৈ থকা শিক্ষক-কৰ্মচাৰীৰ পদসমূহ পূৰণ কৰাৰ লগতে আন কেইবাটাও সমস্যা সমাধানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে হাজো আঞ্চলিক ছাত্ৰ সন্থাই।

GTM Desk

Related