সকলো ফাৰ্মাচীত বাধ্যতামূলক হ’ল চি চি টিভি

সকলো ফাৰ্মাচীত বাধ্যতামূলক হ’ল চি চি টিভি
Rearview shot of a young woman looking at products in a pharmacy

 হোজাই মহকুমাৰ অন্তৰ্গত ঔষধৰ দোকানসমূহত  H&X ড্ৰাগছ বিক্ৰীৰ ফলত সৃষ্টি হোৱা অভাবনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তথা জনসাধাৰণৰ নিৰাপত্তাৰ স্বাৰ্থত অতিৰিক্ত জিলা দণ্ডাধীশ তথা ভাৰপ্ৰাপ্ত হোজাই মহকুমাৰ মহকুমাধিপতি লাচিত কুমাৰ দাসে ভাৰতীয় ফৌজদাৰী দণ্ডবিধি আইনৰ ১৩৩ ধাৰাৰ অধীনত জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা৷ নিৰ্দেশনা অনুসৰি সকলো ঔষধৰ দোকানৰ কৰ্তৃপক্ষই দোকানৰ সন্মুখত চি চি টিভি সংযোগ কৰিব লাগিব। এই নিৰ্দেশ অমান্যকাৰীৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই নিৰ্দেশ যোৱা ১৮এপ্ৰিলৰ পৰা তৎকালীনভাবে বলবৎ কৰা হৈছে। এক বিবৃতিযোগে জনসংযোগ বিভাগে এই কথা জানিবলৈ দিয়ে৷

GTM Desk