28.1 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

চাংসাৰিৰ ৰাজপথত বাগৰিল যাত্ৰীবাহী বাছ

Assamese Newsচাংসাৰিৰ ৰাজপথত বাগৰিল যাত্ৰীবাহী বাছ

কামৰূপ জিলাৰ চাংসাৰিৰ ৰাজপথত আজি সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাংসাৰি সেনা চাউনিৰ সমীপত এখন যাত্ৰীবাহী বাছ পৰাত কমেও দহজনকৈ যাত্ৰী কম বেছি পৰিমানে আহত হয়। ইয়াৰে চাৰিজনৰ জখম গুৰুতৰ হোৱাত তেওলোকক ততাতয়াকৈ জিএমচিএইচলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে তেওলোকৰ নাম ঠিকনা এই পৰ্যন্ত লাভ কৰা হোৱা নাই । প্ৰাপ্ত তথ্য মতে , আজি দিনৰ ডেৰমান বজাত তীব্ৰবেগী নলবাৰী গৰ্ডন অভিমুখী এএছ ১৪চি ৬৯১১ নম্বৰৰ আল্ট্ৰা বাছখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰত খুন্দা মাৰি হঠাৎ বাগৰি পৰে ৰাষ্ট্ৰীয় ঘাইপথটোত । ইয়াৰ পাছতে বাছৰ ভিতৰত থকা যাত্ৰী সকলৰ মাজত হুৱা-দুৱা লাগে আৰু কোনোমতে সিজনে সিজনক সহায় কৰি বাহিৰলৈ আহিবলৈ সক্ষম হয়। স্থানীয় লোকে দুৰ্ঘটনাস্থলীত আৰক্ষী অহাৰ পূৰ্বে আহত কেইজনক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে। ইপিনে দুৰ্ঘনটনাটোৰ ফলত বাইহাটা চাৰিআলি অভিমুখী যান বাহন সমূহ বহু সময় আৱদ্ধ হৈ পৰে যদিও আৰক্ষীয়ে আহি বাছখন আতৰ কৰাৰ ব্যৱস্থাৰ পাছতহে পথটো মুকলি হৈ পৰে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!