ছাত্ৰ- ছাত্ৰীৰ বাবে সকলো সুবিধা উপলব্ধ কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী মহাবিদ্যালয়খনে আগবঢ়াব অধিক সুযোগ
গুৱাহাটী ২৪ মে : ১৯৭০ চনত স্থাপন হোৱা জালুকবাৰীস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয় উত্তৰ-পূৱ ভাৰতৰ সংস্কৃত উচ্চশিক্ষাৰ একমাত্ৰ মহাবিদ্যালয় । বৰ্তমান অৰ্ধশতক অতিক্ৰম কৰা এই মহাবিদ্যালয়খনে ২০১৪ চনত “শ্ৰেষ্ঠ সংস্কৃত শিক্ষাৰ কেন্দ্ৰ” হিচাপে National Assam Education Award লাভ কৰাৰ উপৰিও ২০২২ চনত NAAC ৰ মূল্যায়নত B+ গ্ৰেড লাভ কৰিছে। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধীনস্থ এই মহাবিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলৰ সুদূৰ ভৱিষ্যতৰ কথা চিন্তা কৰি NEP 2020 ৰ নিয়মানুসৰি উচ্চতৰ মাধ্যমিক বৰ্ষত বিভিন্ন বিষয় আৰু স্নাতক বৰ্ষতো বিভিন্ন সন্মানীয় বিষয় নতুনকৈ সন্নিৱিষ্ট কৰিছে। উল্লেখযোগ্য যে এই বছৰৰ পৰা অসমীয়া, যোগ, বেদান্ত, মীমাংসা, ধৰ্মশাস্ত্ৰবিষয়ত স্নাতকোত্তৰ শ্ৰেণীৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে। ইয়াৰোপৰি জ্যোতিষ, কৰ্মকাণ্ড আৰু যোগবিষয়ত ডিপ্লমা পাঠ্যক্ৰম আৰু ব্যৱহাৰিক সংস্কৃতত চাৰ্টিফিকেট কৰ্চো চলি আছে। অসম চৰকাৰৰ অধীনস্থ এই চৰকাৰী মহাবিদ্যালয়খনত আন মহাবিদ্যালয়ৰ দৰে সকলো সা-সুবিধা থকাৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া আৱাস, ছাত্ৰবৃত্তিৰ ব্যৱস্থাও আছে।