সামান্য জ্বৰত আক্ৰান্ত হৈ বটদ্ৰৱাত কণমানি ছাত্ৰীৰ মৃত্যু

সামান্য জ্বৰত আক্ৰান্ত হৈ বটদ্ৰৱাত কণমানি ছাত্ৰীৰ মৃত্যু

বটদ্ৰৱাত শোকৰ ছাঁ। জ্বৰত আক্ৰান্ত হৈ মৃত্যু সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ। ছাত্ৰীগৰাকীৰ নাম দৰ্শনা কলিতা। তিনিদিনৰ আগত জ্বৰত আক্ৰান্ত হোৱাত দৰ্শনাক নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰিছিল পৰিয়ালৰ লোকে।

ইয়াৰ পাছত মঙলবাৰে নিশা গুৰুত্বৰ ভাবে অসুস্থ হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে চিকিৎসকে। চিকিৎসালয়লৈ নি থকা অৱস্থাত আদবাটতে মৃত্যু হয় ছাত্ৰীগৰাকীৰ। বটদ্ৰৱা শংকৰদেৱৰ শিশু নিকেতনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল দৰ্শনা কলিতা।

দৰ্শনাৰ মৃত্যুত বটদ্ৰৱাত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, দীপক কলিতা(ক্ষুদ্ৰ ব্যৱসায়ী), পম্পী কলিতাৰ একমাত্ৰ জীয়ৰী দৰ্শনা কলিতা অমায়িক, মেধাৱী ছাত্ৰী হিচাপে অঞ্চলটোৰ সকলোৰে প্ৰিয় আছিল।

GTM Desk

Related