শিক্ষক-ছাত্ৰীৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে প্ৰধান শিক্ষকে

শিক্ষক-ছাত্ৰীৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে প্ৰধান শিক্ষকে

শিক্ষক আৰু শিক্ষাৰ্থীৰ পবিত্ৰ বন্ধনক কালিমা সানিলে লম্পট প্ৰধান শিক্ষকে ৷ নিজ বিদ্যালয়ৰে কণমানি ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল ৰঙিয়াৰ চিকনিবাৰী ঘোগাপাৰ এল পি স্কুলৰ প্ৰধান শিক্ষক দয়াল চৰকাৰ ৷

পৰিয়ালৰ অভিযোগ অনুসৰি, বিদ্যালয় চুটিৰ পিছত বিদ্যালয় চাফা কৰাৰ অজুহাত দেখুৱাই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী এগৰাকীক ৷ ইয়াৰ পাছত লম্পট প্ৰধান শিক্ষক দয়াল সৰকাৰে বিদ্যালয়ত কোনো শিক্ষাৰ্থী নথকাৰ সূযোগ লৈ ছাত্ৰী গৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাই ৷ নিজৰ দুষ্কাৰ্য চৰিতাৰ্থ কৰাৰ পাছত কোনো লোককে এই কথা সদৰি নকৰিবলৈ সৰ্ত্তক কৰি দিয়ে ৷

আনহাতে ভয়ত কম্পিত কণমানি ছাত্ৰী গৰাকী ঘৰমুৱা হয় ৷ কে’বা দিনো ধৰি বিদ্যালয়লৈ বিভিন্ন অজুহাত দেখুৱাই নোযোৱাত পৰিয়ালৰ নোকে উপযুপৰি সোধাপোচা কৰাত উল্লিখিত দিনটোত সংঘটিত ঘটনাটোৰ বিষয়ে সদৰি কৰে।

পিছত পৰিয়ালৰ লোকে এই সন্দৰ্ভত বিদ্যালয়খনৰ পৰিচালনা সমিতিক সমস্ত ঘটনাৱলী জনায় যদিও অতি কৌশলী স্থিতি লৈ বিষয়টো থাপি থুপি থবলৈ পৰিয়ালৰ লোকক পৰামৰ্শ দিয়ে ৷

কিন্ত পৰিয়ালৰ লোক থমকি ৰোৱা নাছিল ৷সমস্ত বিষয় সম্পৰ্কত ন্যায় বিচাৰি গান্ধীবাৰী আৰক্ষী চকীত ভুক্তভোগী পৰিয়ালটিয়ে প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

তাৰ পাছত আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে অভিযান চলাই লম্পট প্ৰধান শিক্ষক দয়াল সৰকাৰক আটক কৰি জেৰা অব্যাহত ৰাখিছে ।

GTM Desk