মাকুম ছোটা হাপজানৰ ২৫ নং চাহ বাগিচাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

মাকুম ছোটা হাপজানৰ ২৫ নং চাহ  বাগিচাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

মাকুম ছোটা হাপজানৰ ২৫ নং চাহ বাগিচাত হত্যাকাণ্ডৰ ঘটনা ।

অতি নিৰ্মমভাৱে হত্যা কৰি মুখমণ্ডলত কাপোৰেৰে বান্ধি পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো ।

এগৰাকী স্থানীয় লোকৰ ভাষ্য অনুসৰি, প্ৰায় ৪২ বছৰ বয়সৰ বীৰেন্দ্ৰ সিঙ নামৰ লোকজন বিহাৰৰ বুলি জানিব পৰা গৈছে ।

মাকুমৰ বৰ পথাৰৰ চামু গুৱালা নামৰ ব্যক্তিজনৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল ।

আজি তিনিদিন ধৰি লোকজন নিৰুদ্দেশ হৈ আছিল । শনিবাৰে পুৱাই বাগিছাত কৰ্মৰত শ্ৰমিকে পলিথিনেৰে বান্ধি থোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় মাকুম আৰক্ষীলৈ খবৰ দিয়ে ।

ইতিমধ্যে ঘটনাস্থলীত স্থানীয় মাকুম আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয় ।

Shahnawaz Hamza