বিলাসীপাৰাত বাছেৰ আলীৰ হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ

বিলাসীপাৰাত বাছেৰ আলীৰ হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ডক গ্ৰেপ্তাৰ

দুদিনমান পূৰ্বে নিশা বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ২ বজাত গোঁসাই গাওঁৰ আৰক্ষীৰ সহযোগত কোকৰাঝাৰ জিলাৰ চৌওতাৰা এখন ভিতৰুৱা গাঁৱৰ পৰা খেদি খেদি আটক কৰে আখিৰুল ইছলাম নামৰ দুৰ্বৃত্তক ।

২৫ মে ত বিলাসীপাৰা চহৰত ৮ নং ৱাৰ্ডস্থিত ভৈৰৱগঞ্জত প্ৰতিষ্ঠিত ব্যৱসায়ী বাছেৰ আলীক শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰিছিল বুলি জানিব পৰা গৈছে ।

হত্যাকাণ্ডৰ মূল মাষ্টাৰমাইণ্ড বিলাসীপাৰাৰ বাঘমাৰী চাটাপাৰাৰ বুলি জানিব পৰা গৈছে ।

বিলাসীপাৰা মহকুমা প্ৰশাসন বিষয়াৰ নেতৃত্বত দুৰ্বৃত্তই আখিৰুল ইছলামক গ্ৰেপ্তাৰ কৰাত মহকুমা প্ৰশাসন বিষয়াগৰাকীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দুৰ্বৃত্তই আখিৰুলক যাৱত জীৱন কাৰাদণ্ড নাইবা ফাঁচীৰ দাবী জনায় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদ আৰু চাটাপাৰা অঞ্চলবাসী ৰাইজে ।

Shahnawaz Hamza

Related