আলফাৰ নামত ধন দাবী কৰিবলৈ আৰক্ষীৰ জালত তিনি ভূৱা আলফা

আলফাৰ নামত ধন দাবী কৰিবলৈ আৰক্ষীৰ জালত তিনি ভূৱা আলফা

মহানগৰীত আলফাৰ নামত ধন দাবী কৰিবলৈ গৈ দিছপুৰ আৰক্ষীৰ জালত পৰিল তিনি ভুৱা আলফা ৷ ধৃত যুৱক কেইজন হ’ল বিকি থাপা, তপন তালুকদাৰ,গৌতম তালুকদাৰ ৷

উল্লেখ্য যে,আটকাধীন তিনি যুৱকে মহানগৰীৰ সাতগাঁওৰ বাঘৰবৰীৰ দেৱ প্ৰকাশ ভাগৱতী নামৰ লোক এজনক ৬ ছেপ্তেম্বৰৰ নিশা ৭.৫০ বজাত আলফাৰ নাম লৈ ফোনযোগে ধন দাবী কৰিছিল ৷

আনকি অতি কৌশলৰে অ’ডি বাহনৰ মূল্যৰ সমান বিচাৰিছিল তিনিওজনে। শনিবাৰৰ ভিতৰত অন্তত ৫ লাখ টকা দিবলৈ দাবী কৰিছিল।

উপযুপৰি পাই থকা ভাবুকিৰ পৰিপ্ৰেক্ষিতত ভাগৱতীয় নামৰ লোকজনে দিছপুৰ আৰক্ষীক অৱগত কৰে ৷

ইয়াৰ পাছতে দিছপুৰ আৰক্ষীয় ফোন কলৰ আঁত ধৰি গৌতম তালুকদাৰক আটক কৰি সুৰজ নগৰত অভিযান চলাই ৷ আৰক্ষীয়ে তালুকদাৰৰ স্বীকাৰোক্তি ভিত্তিত আন দুজনকো আটক কৰে ৷ইয়াৰ পূৰ্বে গৌতমৰ ঘৰত অভিযান চলাইছিল।

উল্লেখ্য যে,গ্ৰেপ্তাৰৰ পূৰ্বে গৌতমে জংঘললৈ নিক্ষেপ কৰিছিল নিজৰ ম’ বাইল ফোনটো ৷ আৰক্ষীয়ে সন্দেহ কৰা মতে,এই ম’বাইলটোৰ পৰাই ধন দাবী কৰা কৰি ফোন কৰা হৈছিল ৷

ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে ধৃত যুৱক কেইজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

GTM Desk