মৰন ফাণ্ডত পৰিনত বেদেতী বিহমাৰী সংযোগী পকী পথ..

মৰন ফাণ্ডত পৰিনত বেদেতী বিহমাৰী সংযোগী পকী পথ..


যিকোনো মূহুৰ্ততে ঘটনা সংঘটিত হোৱাৰ আশংকা ..শ্ৰীঘে মেৰামতিৰ দাবী ৰাইজৰ ।

বিহালী সমষ্টিৰ অন্তৰ্গত বেদেতী বিহমাৰী সংযোগী পকী পথত সৃষ্টি হৈছে এতিয়া প্ৰকাণ্ড গাতৰ..

মৰনফাণ্ডলৈ পৰিনত হোৱা প্ৰকাণ্ড গাতত পৰি যি কোনো মূহুৰ্ততে ঘটিব পাৰে অঘটন..

উল্লেখ্য যে বিগত ছয় মাহ পুৰ্বে সৃষ্টি হোৱা উক্ত প্ৰকাণ্ড গাতটোৰ ক্ষেত্ৰত.. গুৰুত্ব দিয়া নাই গড় কাপ্তানী বিভাগে….

সদা ব্যস্ত পথটোৰ দুৰৱস্থা
দেখিও নেদেখাৰ ভাও বিহমাৰী পঞ্চায়তৰ সভাপতি সম্পাদকৰ..

উল্লেখ্য যে ইতিমধ্যে উক্ত প্ৰকাণ্ড গাতটোত পৰি গুৰুতৰ ভাবে আহত হৈছে কেবাজনো লোক..

উল্লেখ যে বিসংগতি পুৰ্ন ভাবে নিৰ্মাণ কৰা কালভাৰ্ট টোৰ বাবে সৃষ্টি হোৱা গাতটোৰ কাষত পুনৰ আৰু কেবাটাও গাত সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে..

অচিৰেই প্ৰকাণ্ড গাতটো তথা কালভাৰ্ট টো মেৰামতি নকৰিলে পুনৰ সংঘটিত হব পাৰে দুৰ্ঘটনা…. এই আশংকা স্থানীয় ৰাইজৰ..
জিলা প্ৰশাসনে তথা বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৰাইজে ।

বিহালীৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট।।

Shahnawaz Hamza

Related