মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ; ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA

মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ; ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA

মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ। ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA। আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি এই সিদ্ধান্ত। ১ অক্টোবৰলৈকে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা।

বুধবাৰে মণিপুৰ চৰকাৰে ঘোষণা কৰে যে ৰাজ্যখনৰ বৰ্তমানৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু ছমাহৰ বাবে আফছপা বলবৎ থাকিব। শেহতীয়া চৰকাৰী অধিসূচনা অনুসৰি আফছপাৰ অধীনত সমগ্ৰ ৰাজ্যখনক ‘অশান্ত এলেকা’ হিচাপে ঘোষণা কৰা হৈছে। কিন্তু ৰাজ্যৰ ৰাজধানী ইম্ফলকে ধৰি ১৯খন থানাৰ অধীনলৈ অহা অঞ্চলসমূহ এই মৰ্যাদাৰ পৰা বাদ দিয়া হৈছে।

শেহতীয়াকৈ মণিপুৰত দুগৰাকী মেইটেই ছাত্ৰক হত্যা কৰাৰ পিছতে সংঘটিত হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত এই অধিসূচনা প্ৰকাশ কৰা হৈছে। ২০২৩ চনৰ ৬ জুলাইৰ পৰা নিৰুদ্দেশ হোৱা ইম্ফলৰ দুজন স্থানীয় ছাত্ৰক হিজাম লিন্থোইংগামী (১৭) আৰু ফিজাম হেমজিত (২০)ৰ দুখন ফটো অনলাইনত প্ৰকাশ পোৱাৰ লগে লগে তেওঁলোকৰ কৰুণ মৃত্যু নিশ্চিত কৰা বুলি জানিব পৰা গৈছে।

GTM Desk

Related