Advertisement

নগাঁৱৰ বঢ়মপুৰত অসম কৃষি বিশ্ববিদ্যালয় আৰু নৱম আৰক্ষী বাহিনীৰ যুটীয়া উদ্যোগত “লা” খেতিৰ প্ৰশিক্ষণ

নগাঁৱৰ বঢ়মপুৰত অসম কৃষি বিশ্ববিদ্যালয় আৰু নৱম আৰক্ষী বাহিনীৰ যুটীয়া উদ্যোগত “লা” খেতিৰ প্ৰশিক্ষণ

নিউজ ব্যুৰ’,নগাঁও,২অক্টোবৰ:–অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয় আৰু নগাঁও জিলাৰ বঢ়মপুৰৰ নৱম আৰক্ষী বাহিনীৰ যুটীয়া উদ্যোগত ৰবিবাৰে নিবনুৱা যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে “লা”ৰ বৈজ্ঞানিক আৰু বাণিজ্যিক খেতিৰ ওপৰত এখনি এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । বঢ়মপুৰৰ নৱম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত এই কৰ্মশালাখনি অনুষ্ঠিত কৰাত বিশেষ আগভাগ লয় বাহিনীৰ অধিনায়ক মুকুট ৰাভাই । মুকুট ৰাভাৰ নেতৃত্বত শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° পূৰ্ণিমা দাস । ড° দাসে উপস্থিত যুৱক-যুৱতীসকলক উদ্দেশ্যি “লা”খেতি বৈজ্ঞানিকভাৱে কেনেদৰে কৰিব পাৰি,পোকৰ পৰা কি কি মূল্যৱান সম্পদ পাব পাৰি, কেনে মাটিত কৰিব পাৰি আদিৰ বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা দাঙি ধৰে । প্ৰশিক্ষণ কাৰ্য্যসূচীত কেইবাজনো যুৱক-যুৱতী এই খেতি কৰিবলৈ আগ্ৰহী হোৱা বুলি অধ্যাপিকা ড° পূৰ্ণিমা দাসে জনাইছে । প্ৰশিক্ষণ শিবিৰত ড° পূৰ্ণিমা দাসৰ সৈতে আন এজন সমল ব্যক্তি হিচাপে অন্ধ্ৰপ্ৰদেশত অধ্যয়নৰত হৈ থকা গৱেষণা ছাত্ৰী বান্না উচ্চাশ্ৰীকে প্ৰমুখ্যে কৰি বাহিনীটোৰ সহকাৰী অধিনায়ক নৱকান্ত ডেকা আৰু কৰ্মৰত জোৱানসকল উপস্থিত থাকে । উল্লেখ্য যে,অসম আৰক্ষী দিৱস উপলক্ষে বিয়লি নৱম অসম বাহিনীৰ জোৱানসকলৰ মাজত এখনি প্ৰীতি ফুটবল খেলো অনুষ্ঠিত হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Shahnawaz Hamza

Related