ছিক্কিমৰ ডাৱৰ বিস্ফোৰণত হোৱা প্ৰলয়ত সন্ধানহীন অসমৰ সেনা জোৱান

ছিক্কিমৰ ডাৱৰ বিস্ফোৰণত হোৱা প্ৰলয়ত সন্ধানহীন অসমৰ সেনা জোৱান

উত্তৰ ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰলয়ংকাৰী বানত সন্ধানহীন হৈছে অসমৰ এগৰাকী সেনা জোৱান । বাগ্‌সা জিলাৰ শালবাৰী মহকুমাৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত হাটখোলা গাঁৱৰ দক্ষ কলিতাৰ জ্যেষ্ঠ পুত্ৰ মিটু কলিতা নামৰ সেনা জোৱান গৰাকীৰ এই পৰ্যন্ত সন্ধান উলিয়াব পৰা নাই ৷

উল্লেখযোগ্য যে আলিপুৰদুৱাৰত কৰ্মৰত সেনা জোৱান গৰাকীয়ে বিভাগীয় নিৰ্দেশ মৰ্মে কিছুদিন পূৰ্বে ছিক্কিমলৈ গৈছিল যদিও যোৱা পৰহি নিশা উভতি অহাৰ পথত সংঘটিত প্ৰচণ্ড ডাৱৰ বিস্ফোৰণত হোৱা বানত সন্ধানহীন হৈ পৰে ৷

পৰিয়ালসূত্ৰে যুৱকগৰাকীয়ে ছিক্কিমলৈ গৈ থকা অৱস্থাত তেওঁৰ কনিষ্ঠ ভাতৃৰ লগত ফোনত যোগাযোগ চলিছিল বুলিও জানিব পৰা গৈছে । সন্ধানহীন সেনা জোৱান গৰাকীৰে এতিয়া যোগাযোগ বিছিন্ন হৈ পৰাত পৰিয়ালৰ লোকৰ মাজত উদ্বিগ্নতা বৃদ্ধি পাইছে ।

ছিক্কিমত সংঘটিত প্ৰলয়ত সেনা বাহিনীৰ ২৩ গৰাকী জোৱান সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে । উল্লেখ্য যে মিটু কলিতাই ভাৰতীয় সেনাৰ EME(ইলেক্ট্ৰনিকচ এণ্ড মেকানিকেল ইঞ্জিনিয়াৰিং ) বিভাগত কৰ্মৰত আছিল ৷

ইফালে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰপৰা ছিক্কিমত উদ্ধাৰ অভিযান অব্যাহত আছে বুলি মিটু কলিতাৰ ভাতৃক কৰ্তৃপক্ষই অৱগত কৰিছে বুলিও জানিবলৈ দিছে কনিষ্ঠ ভাতৃ গৰাকীয়ে ৷

সন্ধিয়াৰ ভাগত শালবাৰী মহকুমা আৰক্ষী বিষয়া নীলোৎপল শইকীয়া হাটখোলাৰ মিটু কলিতাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লোকৰ সৈতে আলোচনাত মিলিত হৈ ঘটনা সন্দৰ্ভত ভাৰতীয় সেনাই সকলোখিনি চাই আছে বুলি মন্তব্য কৰাৰ লগতে ভাৰতীয় সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু সেয়া বিভাগীয়ভাবে সময়ত জনোৱা হ’ব বুলিও জানিবলৈ দিয়ে ৷

GTM Desk