বোৱাৰীৰ আক্ৰমণত আহত বৃদ্ধা, চিকিৎসালয়ত ভৰ্তি

বোৱাৰীৰ আক্ৰমণত আহত বৃদ্ধা, চিকিৎসালয়ত ভৰ্তি

তিনিচুকীয়াত জঘন্য ঘটনা তিনিচুকীয়া জিলাৰ ফিল’বাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰূপজান গাঁৱত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। শাহুৱেকক প্রাণে মৰাৰ চেষ্টা চলাই এগৰাকী বোৱাৰীয়ে ।

পাৰিবাৰিক কন্দলৰ পৰিণতিত শনিবাৰে সংঘটিত হয় এই ভয়ানক কাণ্ড। ৬৪ বছৰীয়া নিদা শ‍ইকীয়াক হত্যা কৰিবলৈ আক্ৰমণ কৰে বোৱাৰী নিহাৰীকা গগৈ শ‍ইকীয়াই। নিদা শইকীয়াৰ সৰু পুত্ৰ বেদান্ত শইকীয়াৰ পত্নী নিহাৰীকা ।

শাহুৱেকৰ দেহৰ বিভিন্ন ঠাইত চোকা অস্ত্ৰৰে আঘাত কৰি হত্যাৰ চেষ্টা কৰে বোৱাৰী নীহাৰিকাই। গাঁৱৰ ৰাইজে মহিলাগৰাকীৰ চিঞৰ বাখৰ শুনি ততাতৈয়াকৈ আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে ধৃত বোৱাৰীক আটক কৰি থানালৈ লৈ যায় আৰু শাহুৱেক নিৰদা শ‍ইকীয়াক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমানলৈকে নিহাৰীকা গগৈ শ‍ইকীয়াৰ স্বামী বেদান্ত শ‍ইকীয়া পলাতক অৱস্থাত আছে।

গাঁৱৰ স্থানীয় ৰাইজে উচিত তদন্ত কৰি এনে নিকৃষ্ট মনোভাৱৰ বোৱাৰীগৰাকীক জেল হাজোতলৈ প্ৰেৰণ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে।

GTM Desk

Related