ছাত্ৰৰ গোপন অংগত প্ৰচণ্ড আঘাত কৰিলে শিক্ষকে..
ৰাজ্যত পুনৰ সংঘটিত হৈছে শিক্ষকৰ প্ৰহাৰত ছাত্ৰ আহত হোৱাৰ ঘটনা । শৰীৰৰ গোপন অংগত আঘাত কৰাত মৰণ কাতৰ চিঞৰ এগৰাকী কণমানি ছাত্ৰৰ । ৰঙিয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । মৰণকাতৰ যন্ত্রণাত চিঞৰি আছে সপ্তম শ্রেণীৰ ছাত্ৰ ছাত্ৰজন । পৰিয়ালৰ অভিযোগ অনুসৰি ৰঙিয়া হাই মাদ্ৰাছাৰ ছাত্ৰজনক বিদ্যালয়খনৰে শিক্ষক দিলোৱাৰ হুছেইনে কৰা প্ৰহাৰত শৰীৰৰ গোপন অংগত প্ৰচণ্ড আঘাত পায় । এই ঘটনাটো সংঘটিত হোৱাৰ পিছত ছাত্ৰজনৰ পিতৃয়ে শিক্ষক দিলোৱাৰ হুছেইনৰ বিৰুদ্ধে ৰঙিয়া থানাত দাখিল কৰিছে এজাহাৰ ।
প্ৰথম অৱস্থাত বিদ্যালয় কৰ্তৃপক্ষই ছাত্রজনৰ চিকিৎসাৰ বাবদ হোৱা খৰচৰ কিছু অংশ বহন কৰিছিল যদিও কিছুদিন পাছত খৰচ দিয়া বন্ধ কৰি দিয়ে । তাৰ পিছত ছাত্রজনৰ পৰিয়ালে বাৰে বাৰে ঘটনাটোৰ অভিযুক্ত শিক্ষক দিলোৱাৰ হুছেইনৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও শিক্ষকজনে ভুক্তভোগী পৰিয়ালৰ সৈতে যোগাযোগ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।