পুনৰ ৯৫০ কোটি টকা ঋণ ল’ব অসম চৰকাৰে

পুনৰ ৯৫০ কোটি টকা ঋণ ল’ব অসম চৰকাৰে

কেবিনেটৰ নামত জিলা আয়ুক্তসকলে সৰ্বাধিক ৫ লাখ টকা ব্যয় কৰিব পাৰিব৷ কেবিনেটৰ নামত আৱৰ্ত ভৱন পৰিদৰ্শন বঙলা মেৰামতিৰ কাম কৰিব নোৱাৰিব জিলা আয়ুক্তই৷ এইবোৰ কামৰ তদাৰক কৰিব মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে৷ সোমবাৰে অসম কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ১১ নৱেম্বৰৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত কেইবাটাও কাৰ্যসূচী লোৱা হৈছে৷ মুখ্যতঃ অৰুণোদয় নতুন হিতাধিকাৰীক লৈ ১১ আৰু ১২ নৱেম্বৰত একোখন এখন সভা, ১৩ নৱেম্বৰত নৱম শ্ৰেণীৰ ছাত্ৰীসকলক চাইকেল বিতৰণ আৰু ১৬ নৱেম্বৰত মাইক্ৰ’ফাইনেন্সৰ তৃতীয় পৰ্যায়ৰ ঋণ মুক্তিৰ চাৰ্টিফিকেট প্ৰদান কৰিবলৈ জিলাই জিলাই সভা অনুষ্ঠিত কৰা হ’ব৷ এখন ৰভাতে তিনিখনও সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হয়৷ সেই মতে কোন মন্ত্ৰীয়ে কোন কোন জিলাত উক্ত সভাত ভাগ ল’ব সেই সন্দৰ্ভতো সিদ্ধান্ত কৰা হয়৷ পুনৰ ৯৫০.৪৩ কোটি টকা ঋণত অনুমোদন জনায় কেবিনেটে৷ নাবাৰ্ডৰ পৰা অসম চৰকাৰে ল’ব উক্ত ঋণ৷ ৯০ টা গ্ৰাম্য পথ আৰু ৪ খন গ্ৰাম্য দলং নিৰ্মাণৰ নামত ব্যয় কৰা হ’ব উক্ত ধন ৰাশি৷ তিনিচুকীয়াৰ ভেৰজান-বৰাজান-পদুমণি বন্যপ্ৰাণী অভয়াৰণ্য এলেকাৰ পৰা এক কিলোমিটাৰ এলেকা ইক’ বেনচিটিভ জ’ন ৰূপে ঘোষণা কৰা হৈছে৷ কৰ আয়ুক্তৰ অধীনত এটা নতুন কাৰ্যালয় ভৱন নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত কামৰ বাবে ১১.৯১ কোটি টকাৰ প্ৰাক্কলনত অনুমোদন জনায় কেবিনেটে৷ ১০ মহলাৰ নতুন কাৰ্যালয়টো অত্যাধুনিক সুবিধা সম্পন্ন হ’ব৷ ছিপাঝাৰ পৌৰসভাৰ বাবে পুঁজিত অনুমোদন জনায় কেবিনেটে৷ ষষ্ঠ অসম ৰাজ্যিক বিত্ত আয়োগৰ অধীনত প্ৰকল্প আৰম্ভণিৰ বাবে ছিপাঝাৰ পৌৰসভাক পুঁজিৰ ব্যৱস্থা কৰা হয়৷ কেবিনেটত অসম মালাৰ অধীনত নতুন ১,০০০ কিলোমিটাৰ পথত ৩ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে হাই স্পীড ইক’নমিক কৰিড’ৰৰ বাবে নীতিগত অনুমোদন জনোৱা হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ন্যায়িক অতিথিশালা নিৰ্মাণৰ বাবে বোকাখাত ৰাজহ চক্ৰৰ কাজিৰঙা মৌজাৰ অন্তৰ্গত হালোৱাও ৰাজহগাঁৱত ৭ বিঘা ২ কঠা ১০ লেচা জোখৰ ভূমি আবণ্টন দিয়া হয়৷ নৱেম্বৰ মাহত তিনিচুকীয়াত, ডিচেম্বৰ মাহত উত্তৰ লখিমপুৰত আৰু জানুৱাৰীত নগাঁৱত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় সোমবাৰৰ কেবিনেটত৷

GTM Desk