Advertisement

অধিনায়ক অমন্তিকা মুণ্ডাৰ অৰ্ধশতকৰ সহায়ত মিজোৰামৰ বিৰুদ্ধে অসমৰ জয়লাভ

অধিনায়ক অমন্তিকা মুণ্ডাৰ অৰ্ধশতকৰ সহায়ত মিজোৰামৰ বিৰুদ্ধে অসমৰ জয়লাভ

মহিলাৰ ১৯ বছৰ অনূৰ্দ্ধ এদিনীয়া ক্ৰিকেটত অসমে প্ৰথম দুয়োখন মেচতে জয়লাভ কৰিছে । অন্ধ্ৰপ্ৰদেশৰ ভিজিয়ানগৰমত ৮ অক্টোবৰ, দেওবাৰে প্ৰথম মেচত অসমে বিহাৰক ৭ উইকেটত পৰাস্ত কৰাৰ পাছত মঙলবাৰে মিজোৰামক ৭৮ ৰাণত হৰুৱায় । মেচখনত প্ৰথমে বেট ধৰি অসমে নিৰ্ধাৰিত অভাৰত ২৩৬ ৰাণ কৰে । অসমৰ হৈ প্ৰথম মেচত অপৰাজিত ৮৩ ৰাণ কৰা

অধিনায়ক অমন্তিকা মুণ্ডাই ৬৯ ৰাণ কৰে । ৬৭ টা বলৰ বোকাখাতৰ এই খেলুৱৈগৰাকীৰ ইনিংছটোত আছিল ১ টা ছিক্সাৰ আৰু ১০ টা বাউণ্ডেৰীৰ সমাহাৰ । তেওঁৰ উপৰি জ্ঞানশ্ৰী বৰ্মনে ৪০ আৰু স্নেহা সিনহাৰ বেটৰ পৰা আহে ৩০ ৰাণ । ৰূপশ্ৰী শ‌ইকীয়া‌ই ১৪ আৰু স্বস্তিকা গগৈয়ে ১২ ৰাণ যোগ দিয়ে । বলিঙত মিজোৰামৰ জোথাম ছাংগীয়ে ৩ টা উইকেট লাভ কৰে ।

জয়ৰ বাবে ২৩৭ ৰাণৰ লক্ষ্যৰে খেলি মিজোৰাম দলে নিৰ্ধাৰিত অভাৰত ৯ উইকেটত কৰে মাত্ৰ ১৫৮ ৰাণ । অপেনাৰ ৰুৱাৰ্টপুইয়াই ৪২ আৰু ছান্ধিয়াই ২৫ ৰাণ কৰাৰ বাহিৰে বাকীসকল ৰাণ সংগ্ৰহত ব্যৰ্থ হয় । বলিঙত অসমৰ ৰূপচিকা তেৰণপীয়ে ৩ টা, ৰূপশ্ৰী শ‌ইকীয়া‌, পাল্ক কুমাৰীয়ে ২ টাকৈ আৰু লক্ষীপ্ৰিয়া চেতিয়া, স্নেহা সিনহাই ১ টাকৈ উইকেট দখল কৰে ।

উদ্বেগৰ বিষয় যে মেচখনত অসম দলে ৪২ ৰাণ অতিৰিক্তভাৱে ব্যয় কৰিছে । ইয়াৰ ভিতৰত আছিল ৩০ টাই ৱাইড বল । পৰৱৰ্তী মেচত অসমে ১২ অক্টোবৰত বৰোদা, ১৪ অক্টোবৰত মধ্যপ্ৰদেশ আৰু ১৬ অক্টোবৰত কেৰালাৰ বিৰুদ্ধে খেলিব ।

Shahnawaz Hamza