গোসাঁইগাঁৱৰ প্ৰতিখন দূৰ্গা পূজা উদযাপন সমিতিক ইউ পি পি এল’ৰ তৰফৰ পৰা শুভেচ্ছা পত্ৰ আৰু আৰ্থিক বৰঙনি প্ৰদান
বিটিচি’ৰ মূখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৰ নিৰ্দেশ মৰ্মে ইউ পি পি এল’ ৰাজনৈতিক দলৰ পৰা কালি গোসাঁইগাঁও মহকুমাৰ প্ৰায় প্ৰতিখন পূজা সমিতিকে একোখনকৈ শুভেচ্ছা পত্ৰৰ লগতে আৰ্থিক বৰঙনি প্ৰদান কৰাৰ এক কাৰ্য্যসূচী গ্ৰহণ কৰে ৷ ইউ পি পি এল’ৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীৰ নেতৃত্বত দলীয় সজাতি দলে গোসাঁইগাঁও নাট মন্দিৰ, গোসাঁই বাবা ধাম, চাৰিআলি, ষ্টেচন, কলেজ ৰোড আদি কৰি প্ৰতিখন দূৰ্গা পূজা মণ্ডপত উপস্থিত হৈ উদযাপন সমিতিৰ কৰ্মকৰ্তা সকলৰ হাতত শুভেচ্ছা পত্ৰ আৰু বৰঙনি খিনি প্ৰদান কৰে ৷ মণ্ডপ পৰিদৰ্শনৰ সময়ত কাৰ্য্যবাহী সদস্য উইলচন হাসদা, গোসাঁইগাঁও পৌৰপতি প্ৰফুল্ল ইছলাৰী, গোসাঁইগাঁও জিলা ইউ পি পি এল’ৰ সভাপতি অনিন্দম বসুমতাৰী, উপসভাপতি ড° ৰামতানু ব্ৰহ্ম প্ৰমূখ্যে কেইবা গৰাকীয় দলীয় নেতৃত্ব উপস্থিত থাকে ৷