দুৰ্গা পূজাৰ কেইদিনত কামাখ্যা মন্দিৰৰ দুৱাৰ খোলা আৰু বন্ধ কৰাৰ সময়ৰ কৰা হৈছে সালসলনি

দুৰ্গা পূজাৰ কেইদিনত কামাখ্যা মন্দিৰৰ দুৱাৰ খোলা আৰু বন্ধ কৰাৰ সময়ৰ কৰা হৈছে সালসলনি

কামাখ্যা দেৱালয়ত ৮ অক্টোবৰৰ পৰা পষেক জোৰা কাৰ্যাসূচীৰে আৰম্ভ হোৱা দুৰ্গা পূজাৰ উপলক্ষে দৈনন্দিন কাৰ্যসূচীত বিভিন্ন সালসলনি কৰা হৈছে।

ইয়াৰ উপৰিও দুৰ্গা পূজা কেইদিনত মন্দিৰৰ দুৱাৰ খোলা আৰু বন্ধ কৰাৰ সময়ৰো কিছু সালসলনি কৰা হৈছে। সেই অনুসৰি ২০ অক্টোবৰৰ ষষ্ঠী পূজাৰ দিনা পুৱা ৯ বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব। দুপৰীয়া ভোগ নিবেদন কৰি আবেলি যাত্ৰীৰ আৰক্ষনস্থলীত বন্ধ কৰা হ’ব।

২১ অক্টোবৰত সপ্তমী পূজাৰ দিনা পুৱা মন্দিৰৰ দুৱাৰ ৯-৩০ বজাত খুলিব। আবেলি ৪ বজাত যাত্ৰীৰ আৰক্ষন স্থলীত বন্ধ কৰা হ’ব।

২২ অক্টোবৰৰ অষ্টমী পূজাৰ দিনা পুৱা ১০-৩০ বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব। আবেলি ৪ বজাত যাত্ৰীৰ আৰক্ষন স্থলীত বন্ধ কৰা হ’ব।

২৩ অক্টোবৰত নৱমী পূজাৰ দিনা মন্দিৰৰ দুৱাৰ ১১ বজাত খোলা হ’ব। আবেলি পুনৰ ৪ বজাত যাত্ৰীৰ আৰক্ষন স্থলীত বন্ধ কৰা হ’ব।

২৪ অক্টোবৰৰ দশমী পূজাৰ দিনা পুৱা ৮-৩০ বজাত খুলিব মন্দিৰৰ দুৱাৰ। দুপৰীয়া ১ বজাত ভোগ নিবেদন কৰা হ’ব। আবেলি যাত্ৰীৰ আৰক্ষন স্থলীত বন্ধ কৰা হ’ব।

GTM Desk

Related