শ্ৰীশ্ৰী চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱ গোস্বামীলৈ “ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা”

শ্ৰীশ্ৰী চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱ গোস্বামীলৈ “ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা”

নিউজ ব্যুৰ’,নগাঁও,৩০অক্টোবৰ:–সত্ৰীয়া সংস্কৃতিৰ সাধক,চিন্তাশীল লেখক,বিশিষ্ট সমাজকৰ্মী প্ৰয়াত ৰেৱত চন্দ্ৰ মহন্তৰ সোঁৱৰণত নগাঁও জিলা সত্ৰ মহাসভাই ঘোষণা কৰা “ৰেৱত চন্দ্ৰ মহন্ত স্মাৰক জীৱনযোৰা সাধনা বঁটা” চলিত বৰ্ষত বিশিষ্ট সমাজ সংগঠক,সাংস্কৃতিক কৰ্মী তথা শ্ৰীশ্ৰী চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱ গোস্বামীলৈ আগবঢ়োৱা হৈছে। ৰবিবাৰে প্ৰয়াত ৰেৱত চন্দ্ৰ মহন্ত দেৱৰ বাৰ্ষিক তিৰোভাৱ তিথিৰ দিনটোতে নগাঁও জিলা সত্ৰ মহাসভাৰ তৰফৰ পৰা এই কথা ঘোষণা কৰা হয়। অহা ১৫ নৱেম্বৰ,বুধবাৰে অনুষ্ঠিত হ’ব লগীয়া সত্ৰীয়া সংস্কৃতি দিৱসৰ গাম্ভীৰ্য্যপুৰ্ণ অনুষ্ঠানত বিশিষ্ট সমাজ-সাংস্কৃতিক কৰ্মী ভৱ গোস্বামীক এই জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰা হ’ব বুলি নগাঁও জিলা সত্ৰ ৰয় মহাসভাৰ সম্পাদক দিগন্ত প্ৰকাশ মহন্তই জনাইছে ।ঋতু পৰ্ণ শৰ্মা,নগাঁও

Shahnawaz Hamza

Related