ৰাজ্যত পুনৰ এনকাউন্টাৰ…

ৰাজ্যত পুনৰ এনকাউন্টাৰ…

ৰাজ্যত পুনৰ এনকাউন্টাৰ।

ধুবুৰীৰ বিলাসীপাৰাত ছফিকুল ইছলাম নামৰ যুৱকক এনকাউন্টাৰ।

এক অভিযানত এটা পিষ্টল ৩ জাঁই সজীৱ গুলিসহ দুজন যুৱক আটক কৰিছিল আৰক্ষীয়ে।

আটক হোৱা যুৱকদ্বয় ক্ৰমে মতিয়াৰ ৰহমান আৰু ছফিকুল ইছলাম।

যুৱকদ্বয়ৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে 7.65 MM পিষ্টলসহ তিনি জাঁই গুলি।

লগতে জব্দ কৰে এখন পালচাৰ বাইক।

এনকাউন্টাৰ হোৱা ছফিকুল ইছলামক বৰ্তমানে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে।

আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি সোমবাৰে বিয়লি বিলাসীপাৰাৰ নাথপাৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাৰনাস্ত্ৰ সহ দুই কুখ্যাত দুৰ্বৃত্তক কাৰায়ত্ত কৰিছিল। নিশা চিৰাকুটাৰ বেতবাৰীত অধিক অস্ত্ৰ লুকাই ৰখাৰ সন্দেহত আৰক্ষীয়ে আটক কৰা দুৰ্বৃত্তক লগত লৈ সন্ধান আৰম্ভ কৰে। আৰক্ষীয়ে সন্ধান চলাই থকাৰ সময়তে দুৰ্ধৰ্ষ দুৰ্বৃত্ত ছফিকুল ইছলামে পলায়ন কৰাৰ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।

GTM Desk

Related