Sony TV ৰ Indian Idol Season 14 ৰ শীৰ্ষ ১৫ প্ৰতিযোগীৰ তালিকাত স্থান দখল কৰিছে অসমৰ মৈথিলী সোমে…
চনী টিভিৰ ইণ্ডিয়ান আইডল ছিজন – ১৪ – ত টপ ১৫ প্ৰতিযোগীৰ ভিতৰত অন্যতম শিলচৰৰ কন্যা মৈথিলী সোম। সংগীত জগতত দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত পুনৰ সৰ্বভাৰতীয় মঞ্চত শিলচৰৰ নাম আহি পৰিছে। আৰু ইয়াৰ পোনপটীয়া কৃতিত্ব আদায় কৰিছে শিলচৰৰ কন্যা মৈথিলী সোমে।
শিলচৰৰ দেৱজিৎ সাহা ২০০৫ চনত জি-টিভি ছাৰেগামাপা-ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ খিতাপ দখল কৰি ‘ভাৰত কণ্ঠ’ হিচাপে পৰিগণিত হয়।
ইয়াৰ পিছত ১৭ বছৰ ধৰি অবিৰত খৰাং পৰিস্থিতিৰ সৃষ্টি হয়। সৰ্বভাৰতীয় মঞ্চত এনে স্বীকৃতি কেতিয়াও বৰাকৰ ভাগ্যলৈ অহা নাই। সেই খৰাং অতিক্ৰম কৰা আন এগৰাকী শিল্পী মৈথিলীয়ে সাহসেৰে আগবাঢ়িছে। চনী টিভি চেনেলৰ ইণ্ডিয়ান আইডলত সিজন ১৪ এৰ টপ ১৫ প্ৰতিযোগীৰ ভিতৰত অন্যতম মৈথিলী।
ইতিমধ্যে সংগীত শিল্পী কবিতা কৃষ্ণমূৰ্তি যি এপিছডত বিচাৰক হিচাপে আছিল সেই এপিছডত মৈথিলীৰ প্ৰতিভাৰ প্ৰশংসা কৰিছে।
অজিতকুমাৰ সোম আৰু মঞ্জু সোমৰ নাতিনী আৰু শিলচৰ চহৰৰ দেৱজিৎ সোমৰ কন্যা মৈথিলী। দেৱজিৎ সোমৰ পৰিয়ালটো দক্ষিণ আফ্ৰিকাৰ বাসিন্দা আছিল।
বৰ্তমান পৰিয়ালটো মায়ানগৰী মুম্বাইত থাকে। বহু বছৰ ধৰি প্লেবেক চিংগাৰ হিচাপে কাম কৰি আহিছে মৈথিলীয়ে। তেওঁ অতি কম বয়সতে দেশ-বিদেশৰ বিভিন্ন অনুষ্ঠানত গীত গাই নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে।
সংগীত চৰ্চা বা সাধনা আৰু কঠোৰ পৰিশ্ৰমৰ ফলস্বৰূপে তেওঁ বহু খ্যাতি অৰ্জন কৰিছে। ইফালে ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী কৈলাশ খেৰেও হিন্দী গীতৰ এলবামৰ বাবে গীত ৰচনা কৰিছে মৈথিলীৰ সৈতে। বলীউডৰ সংগীত জগতত প্ৰৱেশ কৰিলে মৈথিলীয়ে।
ইফালে মৈথিলীৰ এটা এটাকৈ দুৰ্দান্ত পাৰফৰমেঞ্চৰ ফলত তেওঁৰ গায়কীৰ উপৰত আশাৰ সঞ্চাৰ হৈছে গোটেই বৰাক উপত্যকাত। ইতিমধ্যে ছ’চিয়াল মিডিয়াত ব্যাপক হাৰত প্ৰচাৰ চলিছে মৈথিলীৰ গানৰ ভিডিও। শিলচৰৰ সংগীত প্ৰেমীসকলে গৌৰব অনুভৱ কৰিছে।