নাজিৰাত অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত দুদিনীয়াকৈ অনুস্থিত গ্ৰাচৰুট এথেলেটচ কাৰাটে প্ৰশিক্ষণ শিৱিৰ সম্পন্ন
নাজিৰাৰ এমচি ক্লাৱত দুদিনীয়াকৈ অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত অনুস্থিত গ্ৰাচৰুট এথেলেটচ কাৰাটে প্ৰশিক্ষণ শিৱিৰ আজি সম্পন্নহয়।
এই গ্ৰাচৰুট এথেলেটচ কাৰাটে প্ৰশিক্ষণ শিৱিৰত শতাধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰে।
অসমৰ চুকে-কোণে থকা কাৰাটে খেলুৱৈ সকলক উৎসাহিত কৰা আৰু বিশেষ পাৰদৰ্শিতা থকা খেলুৱৈসকলক চিনাক্ত কৰি তেওঁলোকক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণলৈ আগবঢ়াই নিয়া উদ্দেশ্য আগত ৰাখি অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত নাজিৰা এমচি ক্লাৱত শনিবাৰৰ পৰা দুদিনীয়াকৈ অনুস্থিত হয় এই গ্ৰাচৰুট এথেলেটচ কাৰাটে প্ৰশিক্ষণ শিৱিৰ।
নাজিৰাৰ পৰা ৰঞ্জিত সভাপণ্ডিত ৰিপ’ৰ্ট।