খেল মহাৰণত ভাগ ল’বলৈ গৈ পলাশবাৰীৰ দুজনৰ মৃত্যু

খেল মহাৰণত ভাগ ল’বলৈ গৈ পলাশবাৰীৰ দুজনৰ মৃত্যু

দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মণিয়েৰী তিনিআলিৰ পৰা বৰিহাটলৈ গৈ থকা অৱস্থাত আজি পুৱা খেল মহাৰণত অংশগ্ৰহণৰ উদ্দেশ্যেৰে মটৰ চাইকেলেৰে গৈ অৱস্থাত দূৰ্ঘটনাত পতিত হৈ দুই খেলুৱৈ তথা ছাত্ৰৰ কৰুণ মৃত্যু হয়। খেলুৱৈ তথা দুই ছাত্রই AS-25T-6893 নম্বৰৰ পালচাৰ মটৰ চাইকেলেৰে মণিয়েৰী তিনিআলিৰ পৰা বৰিহাটলৈ খেল মহাৰণত অংশগ্ৰহণৰ উদ্দেশ্যেৰে মটৰ চাইকেলেৰে তীব্ৰ বেগেৰে গৈ আছিল। হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই বৰিহাট জগলিয়াপাৰত পথৰ দাঁতিত বৈদ্যুতিক খুটাত খুন্দা মাৰে। ফলত থিতাতে নিহত হয় দুই কিশোৰ তথা খেলুৱৈৰ। মৃত্যু হোৱা কিশোৰ দুয়োগৰাকী বটিয়াপাৰাৰ অম্লানজ্যোতি দাস আৰু মনিয়েৰীৰ চন্দন আলি বুলি জানিব পৰা গৈছে। দক্ষিণ কামৰূপ বিদ্যাপীঠ হাইস্কুলত অধ্যয়নৰত দুই কিশোৰৰ আকস্মিক মৃত্যুত সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।

GTM Desk

Related