Advertisement

কলেজৰ ছাত্ৰীক আক্ৰমণ প্ৰাক্তন ছাত্ৰৰ

কলেজৰ ছাত্ৰীক আক্ৰমণ প্ৰাক্তন ছাত্ৰৰ

আজি দুপৰীয়া ৰূপহী কলেজৰ এগৰাকী ছাত্ৰীক এজন প্ৰাক্তন ছাত্ৰই আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আক্ৰমণ কৰা প্ৰাক্তন ছাত্ৰজনৰ নাম ছাদ্দাম হুছেইন৷ ঘটনাৰ বিৱৰণী মতে কলেজীয়া ছাত্ৰীজনীক ফাকলি ঈদগাহৰ সন্মুখত ছাদ্দাম হুছেইন নামৰ প্ৰাক্তন ছাত্ৰজনে আক্ৰমন কৰে ৷ আক্ৰমন কৰি মুৰত গুৰুলা-গুৰুলিকৈ ছাত্ৰীজনীক মূৰত প্ৰহাৰ কৰাত গুৰুতৰভাৱে আহত হয় ৷ আহত ছাত্ৰীজনীক ৰাইজৰ তৎপৰতাত ৰূপহী মডেল হাস্পটেলত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে৷ ছাত্ৰীগৰাকীৰ হাতৰ পৰা মবাইল ফোনটোও কাঢ়ি লৈ যায় ছাদ্দাম হুছেইনে৷ ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ ছাদ্দাম হুছেইনক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷

Shahnawaz Hamza

Related