৩বছৰীয়া সন্তানসহ সন্ধানহীন মহিলা
কামপুৰত সন্ধানহীন মহিলা। পুত্ৰ সন্তানসহ দুদিন ধৰি সন্ধানহীন হৈ আছে কামপুৰ ঘিলানীৰ জাবেদা বেগম নামৰ মহিলা গৰাকী। কাজিৰঙাৰ পৰা বেংকত টকা আনিবলৈ গৈ তিনিবছৰীয়া পুত্ৰ সন্তানসহ সন্ধানহীন মাতৃ জাবেদা বেগম।
জানিব পৰা মতে, তেওঁ লগত লৈ যায় প্ৰায় ৫০ হাজাৰ টকা। ইতিমধ্য়ে কচুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামী মহম্মদ গোলাম হুছেইনে। পত্নী জাবেদা বেগমৰ কিম্বা অনুসন্ধান পালে ৮৮৪৮৯৮৭৯০৫ নম্বৰত অথবা আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ ৰাইজক অনুৰোধ জনাইছে স্বামী পৰিয়ালে।