গোসাঁইগাঁৱত পথ দুৰ্ঘটনাত যুৱতী থিতাতে নিহত…
গোসাঁইগাঁও: ১৭ নবেম্বৰ: গোসাঁইগাঁও মহকুমাৰ তেলিপাৰা সংলগ্ন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি প্ৰায় তিনি বজাত সংঘটিত এক পথ দুৰ্ঘটনাত ধানী চৰেন (২২) নামৰ যুৱতী এগৰাকী থিতাতে নিহত হয়। জানিৱ পৰা মতে শ্ৰীৰামপুৰ শ্ব্যামাগুৰীৰ প্ৰয়াত নিকলাছ চৰেনৰ কন্যা ধানী চৰেন তেলিপাৰাৰ টেলাৰীং এণ্ড উইভিং ট্ৰেনিং চেন্টাৰৰ শিক্ষাৰ্থী আছিল ৷ প্ৰতিদিনৰ দৰেকৈ আজিও নিজৰ চিলাই ক্লাছ শেষ কৰি ৰাষ্ট্ৰীয় ঘাইপথটো অতিক্ৰম কৰিব লওঁতেই গোসাঁইগাঁৱৰ পৰা শ্ৰীৰামপুৰ অভিমূখে গৈ থকা এখন তীব্ৰ বেগী বাহনে ধানী চৰেণক মহতীয়াই নিয়ে ৷ ফলত যুৱতীগৰাকীয়ে মুৰত প্ৰচণ্ড আঘাত পাই থিতাতে নিহত হয়। ইপিনে স্থানীয় প্ৰত্যক্ষ দৰ্শীয়ে যুৱতী গৰাকীক মহতীয়াই নিয়া তীব্ৰ বেগী বাহন খন নম্বৰৰ সংগ্ৰহ কৰিব পৰা নাই যদিও দুৰ্ঘটনা সংঘটিত কৰা বাহন খন কুকুৰা কঢ়িওৱা বলেৰো পিকাপ গাড়ী আছিল বুলি জানিবলৈ দিছে ৷ আনহাতে ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত ট্ৰেফিক আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰিছে ৷