ভাৰতে বিশ্বকাপ জিকিলে ‘নগ্ন’ হৈ সাগৰৰ পাৰত দৌৰিব এইগৰাকী অভিনেত্ৰী!

ভাৰতে বিশ্বকাপ জিকিলে ‘নগ্ন’ হৈ সাগৰৰ পাৰত দৌৰিব এইগৰাকী অভিনেত্ৰী!

দেওবাৰে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপ ফাইনেলক লৈ চৌদিশে উত্তেজনা। ক্ৰমাগতভাৱে ১০খন মেচ জিকি ফাইনেলত ভাৰত। আনহাতে, অষ্ট্ৰেলিয়ায়ো জিকিছে ৮খন মেচ। ফাইনেলক লৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উখল-মাখল পৰিৱেশ। কিন্তু কোনে মাৰিব শেষ হাঁহি? বিশ্বকাপ ট্ৰফী তুলি ল’ব কোনে? এয়া এতিয়া লাখটকীয়া প্ৰশ্ন।

এফালে জোৰদাৰ প্ৰস্তুতি। ইয়াৰ মাজতে ফাইনেলৰ পূৰ্বে টীম ইণ্ডিয়াক লৈ বিতৰ্কিত মন্তব্য কৰি শিৰোনাম দখল কৰিছে এগৰাকী অভিনেত্ৰী। মুহূৰ্তৰ ভিতৰতে তোলপাৰ লাগিছে অভিনেত্ৰীগৰাকীৰ মন্তব্যক কেন্দ্ৰ কৰি।

বিশ্বকাপ জিকিলেই নগ্ন হ’ব তেলেগু অভিনেত্ৰী ৰেখা বোজ। বিশাখাপট্টনমৰ সমুদ্ৰ তীৰত নগ্ন হোৱাৰ হ’ব বুলি কয় অভিনেত্ৰীগৰাকীয়ে। এই মন্তব্যৰ পিছতে ট্ৰ’লৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী।

২০১১ চনত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত বিশ্বকাপ জিকিছিল ভাৰতে। তেতিয়াও এই ধৰণৰ মন্তব্য কৰিছিল পুনম পাণ্ডেই। ভাৰত জিকিলে তেওঁ নগ্ন হোৱাৰ কথা কৈছিল। কিন্তু ভাৰতে বিশ্বকাপ জিকাৰ পিছত নীৰৱ হৈ পৰিছিল অভিনেত্ৰীগৰাকী।

GTM Desk

Related