হেণ্ডকাফৰ সৈতে পলায়ন ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত বৃন্দাবন বৰাৰ

হেণ্ডকাফৰ সৈতে পলায়ন ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত বৃন্দাবন বৰাৰ

যোৰহাটত সংঘটিত হৈছে আৰক্ষীক লজ্জানত কৰা এক ঘটনা। হেণ্ডকাফ লগাই পলায়ন কৰিলে কয়দীয়ে। শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, যোৰহাট চিকিৎ‍সা মহাবিদ্যালৰ পৰা পলায়ন কৰে কয়দীগৰাকীয়ে। অভিযুক্তৰ নাম বৃন্দাবন বৰা। ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হৈ কাৰাগাৰত আছিল বৃন্দাবন বৰা।

উল্লেখ্যে যে, চিকিৎ‍সাৰ বাবে আজি পুৱাৰ ভাগত JMCHত বৃন্দাবনক ভৰ্তি কৰিছিল জে’ল কৰ্তৃপক্ষই। ১০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত আছিল অভিযুক্ত বৃন্দাবন বৰা। তাৰপাছতে বিয়লি চিকিৎ‍সালয়ৰ পৰা হেণ্ডকাফসহ পলায়ন কৰে কয়দীজনে। বৰ্তমানলৈকে আৰক্ষীয়ে তেওঁৰ কোনো সম্ভেদ পোৱা নাই।

Shahnawaz Hamza

Related